অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক সুখবৰঃ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালক আনুষ্ঠানিক স্বীকৃতি

অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক সুখবৰ।

MBBSৰ ১০০খন আসনৰ সৈতে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালক আনুষ্ঠানিক স্বীকৃতি ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ।

এই স্বীকৃতিৰ লগে লগে অসমত MBBSৰ আসনৰ সংখ্যা ১৯২৫লৈ বৃদ্ধি পালে।

লগতে ১৫খনলৈ বৃদ্ধি পালে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা।

অসমত চিকিৎসা শিক্ষাৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ।

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ বাবে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক ধন্যবাদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

X হেণ্ডেলত ৰাজ্যবাসীক গৌৰৱোজ্বল ক্ষণৰ বতৰা দিলে মুখ্যমন্ত্ৰীয়ে। 

Related Articles