শিক্ষা গ্ৰহণৰ সৈতে উপাৰ্জনঃ বিশ্ব উদ্যমিতা সপ্তাহ উপলক্ষে কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

শিক্ষা গ্ৰহণৰ লগতে উপাৰ্জন দুয়ো দুয়োৰে পৰিপূৰক; শিক্ষাৰ জৰিয়তে ব্যক্তিৰ জ্ঞান, দক্ষতা আৰু ক্ষমতা বাঢ়ে, যিয়ে তেওঁক শ্ৰম বজাৰত লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম কৰে। ইয়াৰ লগতে, উপাৰ্জনেও ব্যক্তিক উন্নত শিক্ষা গ্ৰহণৰ সুযোগ দিয়ে, যাৰ ফলত তেওঁৰ সামাজিক-আৰ্থিক অৱস্থাৰ উন্নতি হয়। সেই দিশেৰেই আগ বাঢ়িছে কলিয়াবৰ মহাবিদ্যালয়। বিশ্ব উদ্যমিতা সপ্তাহ উপলক্ষে এইবাৰো কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে।
কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্যমিতা আৰু বিকাশ কোষ আৰু মহাবিদ্যালয় উদ্ভাৱন কেন্দ্ৰ ব্যবস্থাপনাত সপ্তাহজোৰা ‘স্ব-উৎপাদিত সামগ্ৰীৰ বিপণী’ৰ কাৰ্যসূচীৰ সামৰণি পৰে। কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰী ছাত্ৰীৰ লগতে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰি নিজ হাতে উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰে।


এই বিপণীসমূহত ছাত্ৰ-ছাত্ৰী সকলে নিজ হাতেৰে তৈয়াৰ কৰা সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰীসকৰ এই বিপণীত খাদ্য-সামগ্ৰী, ঘৰুৱা সাজ-সজ্জাৰ সামগ্ৰী, প্ৰসাধন-আলঙ্কাৰীক সামগ্ৰী এই বিপণীত উপলব্ধ। ছাত্ৰ-ছাত্ৰীসকলে ঘৰুৱা পদ্ধতিৰে তৈয়াৰ কৰা সামগ্ৰী ক্ৰয় কৰিবলৈ বিপণী সমূহত ভিৰ কৰিছে গ্ৰাহক সকলে। কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও যাতে শিক্ষা গ্ৰহণ কৰাৰ উপৰি ভৱিষ্যতে ঔদ্যোগীকৰণৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰে কলিয়াবৰ মহাবিদ্যালয়ে। স্ব-উৎপাদিত সামগ্ৰীৰ বিপণী’ত নিজহাতে সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীয়েও এনে কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অভিজ্ঞ কৰি তুলিবলৈ সুবিধা প্ৰদান কৰাৰ আশা প্ৰকাশ কৰিছে এই কাৰ্যসূচীত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে গ্ৰাহকসকলে।


এই কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থীসকল যথেষ্ট উৎসাহী পৰিলক্ষিত হৈছে। তেওঁলোকে জনোৱামতে, আমাক এই কামৰ বাবে ছাৰ-বাইদেউসকলে যথেষ্ট উৎসাহিত কৰিছে। ঘৰত সজা দুই-এটা সামগ্ৰী ইয়াত বিক্ৰী কৰিবলৈ সুবিধা পাইছোঁ। বিক্ৰীও হৈছে, সেই বাবে ভালো লাগিছে। আন এগৰাকী শিক্ষাৰ্থীয়ে কয় – আমাৰ এক বান্ধৱীৰ গোটে মিলি এই সকলোখিনি কৰিছোঁ। মূল্যও বৰ বিশেষ নহয়। বিক্ৰিও উৎসাহজনক।


আনহাতে, মহাবিদ্যালয়ৰ এই কাৰ্যসূচীৰ তত্বাৱধায়ক সহকাৰী অধ্যাপক ড০ আৰতী বসুমতাৰীয়ে কয় – বিশ্ব উদ্যমিতা সপ্তাহ উপলক্ষে আমি সপ্তাহজোৰা এক বাণিজ্যিক মেলাৰ আয়োজন কৰোঁ, য’ত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। এইবাৰ নতুন সংযোগৰ জৰিয়তে স্থানীয় বিদ্যালয়য়েও ভাগ লৈছে। এইবাৰ ২৬ খন বিপনীৰ প্ৰায়ে ছাত্ৰ-ছাত্ৰীসকলে নিজে উৎপাদন কৰা সামগ্ৰী প্ৰদৰ্শনৰ গতে বিক্ৰীও কৰিছে।

Related Articles