ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নৱাগত আদৰণি সভাৰ সফল সামৰণি

“এখন সমাজ সু-শৃংখলিত হৈ চলিবলৈ সৎ মানুহৰ প্ৰয়োজন। মানুহ সৎ হ’বলৈ হ’লে সৰল, বিনয়ী, নম্ৰ আৰু সু-শিক্ষিত হ’ব লাগিব। কিন্তু বৰ্তমান সময়ত সু-শিক্ষিত মানুহ সৃষ্টি কৰাটোৱেই আটাইতকৈ টান কাম”- এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ভোলানাথ গগৈৰ। শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ২০২৬-২৮ বৰ্ষৰ নৱাগত আদৰণী সভাৰ মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত শিক্ষাবিদ গগৈয়ে এইদৰে মন্তব্য কৰি বৰ্তমানৰ প্ৰতিজন শিক্ষাৰ্থীকে সু-শিক্ষিত হ’লৈ আহ্বান জনায়।

দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সমূহীয়া চাফাই কৰা পাছতে গছপুলি ৰোপন কাৰ্যসূচী কাৰ্যসূচী অনুষ্ঠিত হয়৷ ইয়াৰ পাছতে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই। পুৱা ৯ বজাত নৱাগতসকলৰ নাম পঞ্জীয়নৰ পাছতে ১০.০০ বজাত বন্তি প্ৰজলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য পূৰ্ণ লাহনে৷ ইয়াৰ পাছতে দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভোলানাথ গগৈয়ে উদ্বোধন কৰে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই সভাপতিত্ব কৰা সভাখনত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী একতা সভাৰ সাধাৰণ সম্পাদক বিতু হাজৰিকাই আদৰণি ভাষণ পাঠ কৰে। সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখি কয় যে-“এই যুগ হ’ল বৌদ্ধিক যুগ। মগজুৰ যুদ্ধৰ যুগ।

মগজুৰ উৎকৰ্ষ সাধন কৰিব পৰা সকলহে এতিয়াৰ যুদ্ধত যুঁজিব পাৰিব। উল্লেখ্য যে, এই সভাৰ বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তাসকলৰ বক্তব্যৰ মাজে মাজে- কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীৰ গীত পৰিৱেশন কৰি সকলোকে মনোৰঞ্জন দিয়ে। ইয়াৰ উপৰিও আজিৰ নৱাগত আদৰণী সভাৰ মূল সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী লগতে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য পূৰ্ণ চুতীয়াই অংশগ্ৰহণ কৰা অনুষ্ঠানৰ শেষত পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দুলু শইকীয়াই উদ্বোধন কৰা ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠানটিত মহাবিদ্যালয়ৰখনৰ প্ৰশিক্ষাৰ্থী মাধুৰ্য্য কোঁৱৰ আৰু লাকী দত্তৰ সহযোগত ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্টিত হয়। আলাপ অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰশিক্ষক-কৰ্মচাৰী সকৰল লগতে প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে। বিয়লিলৈ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে সামৰণি পৰে নৱাগত আদৰণি সভাৰ কাৰ্যসূচী৷

Related Articles