বানৰ পাছত এতিয়াও স্বাভাৱিক পৰিৱেশ ঘুৰি অহা নাই নাজিৰাৰ গ্ৰামাঞ্চল সমূহত। বিশেষকৈ বানে গৰকি যোৱা নামঘৰসমূহত এতিয়াও পবিত্ৰ ভাদ মাহৰ উখল মাখল পৰিবেশ দেখিবলৈ পোৱা হোৱা নাই। এনে সময়তে নাজিৰাত আজি স্বেচ্ছাসেৱী সংগঠন শ্ৰী শ্ৰী সন্ত সমাজৰ দুজন প্ৰতিনিধি উপস্থিত হৈ নাজিৰাৰ প্ৰায় অৰ্দ্ধশতাধিক নামঘৰত শ্ৰীমদ্ভাগৱত গীতা, গুণমালা আদি ধৰ্ম গ্ৰন্থ প্ৰদান কৰে।

সংগঠনটোৰ দুই প্ৰতিনিধি ক্ৰমে সভাপতি ৰামচন্দ্ৰ শৰ্মা আৰু জনসম্পৰ্কৰক্ষী প্ৰমুখ জিতেন শৰ্মাই ২৯ আৰু ৩০ আগষ্টত দুদিনীয়াকৈ নাজিৰাৰ বানবিধস্ত নামঘৰ সমূহত সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশৰ মাজত ধৰ্মীয় ৰীতি নীতিৰে ধৰ্মীয় গ্ৰন্থ সমূহৰ লগতে গুৰু আসনৰ বস্ত্ৰ প্ৰদান কৰে। ইয়াৰোপৰি সংগঠনটোৱে উজনিৰ তিনি জিলাৰ বৰ্নাত্য সকলৰ মাজত বিগত সময়চোৱাত বিভিন্ন খাদ্য সামগ্ৰী আৰু অন্যন্য সামগ্ৰীও বিতৰণ কৰি আহিছে।

