হোজাই জিলাৰ ৰেল চহৰ লামডিঙত এতিয়া বনৰীয়া বান্দৰৰ উপদ্ৰৱে অতিষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক।দিনক দিনে বৃদ্ধি পাই অহা বান্দৰৰ সন্ত্ৰাসে চহৰখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছে আতংকময় পৰিৱেশ।ঘৰৰ সামগ্ৰী নষ্ট কৰাৰ পৰা আৰম্ভ কৰি মানুহক আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন হৈছে বনৰীয়া বান্দৰৰ বিৰুদ্ধে।লামডিঙৰ বিধানপল্লী, মনসাবাড়ীকে ধৰি চহৰখনৰ বিভিন্ন এলেকাত প্ৰতিদিনে শ-শ বান্দৰৰ জাকে চলাইছে উপদ্ৰৱ।
পুৱা-গধূলি দল বান্ধি অহা বান্দৰৰ জাকে ঘৰৰ ছাদ, টিনপাত, পানীৰ টেংকী আদি ক্ষতিগ্ৰস্ত কৰাৰ লগতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মূল্যৱান সামগ্ৰী নষ্ট কৰাৰ অভিযোগ কৰিছে স্থানীয় বাসিন্দাই।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বান্দৰৰ এই সমস্যাৰ বিষয়ে লামডিং বন বিভাগক কেইবাবাৰো অৱগত কৰা হৈছে যদিও আজিলৈকে কোনো স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।ফলত দিনক দিনে বৃদ্ধি পাইছে বান্দৰৰ আতংক।ৰাইজে জানিবলৈ দিয়া মতে, কিছুদিন পূৰ্বে বন বিভাগৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ আতচবাজীৰ সহায়ত বান্দৰ খেদাৰ চেষ্টা কৰিছিল।কিন্তু সেই পদক্ষেপো বিশেষ ফলপ্ৰসূ নহ’ল বুলি অভিযোগ কৰিছে স্থানীয় লোকে।বৰং এতিয়া বান্দৰৰ জাকে আতচবাজীৰ শব্দতো ভয় নকৰা বুলি জানিবলৈ দিয়ে ৰাইজে।
কেৱল ঘৰ-দুৱাৰ ক্ষতি কৰাই নহয়, বহু লোকক বান্দৰে আক্ৰমণ কৰাৰ ঘটনাও পোহৰলৈ আহিছে।বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠ লোকসকলক লৈ অধিক চিন্তিত হৈ পৰিছে অঞ্চলবাসী।স্থানীয় ৰাইজে কয়,”বান্দৰৰ উপদ্ৰৱত আমি অতিষ্ঠ হৈ পৰিছোঁ। প্ৰতিদিনে ভয়ৰ মাজত থাকিবলগীয়া হৈছে।
বন বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি এই সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে।”উল্লেখ্য যে, বনাঞ্চল সংকুচিত হোৱা আৰু খাদ্যৰ সন্ধানত বন্যপ্ৰাণী জনবসতিপূৰ্ণ এলেকালৈ ওলাই অহাৰ ফলত এনে সমস্যাৰ সৃষ্টি হোৱা বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰি আহিছে।সেয়ে কেৱল সাময়িকভাৱে বান্দৰ খেদাৰ পৰিৱৰ্তে আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক পদ্ধতিৰ সহায়ত সমস্যাটোৰ স্থায়ী সমাধান কৰাৰ দাবী জনাইছে ৰাইজে।এতিয়া প্ৰশ্ন হৈছে, লামডিঙৰ এই বনৰীয়া বান্দৰৰ সন্ত্ৰাস ৰোধ কৰিবলৈ বন বিভাগে কেতিয়া গ্ৰহণ কৰিব কাৰ্যকৰী পদক্ষেপ?ৰাইজে অপেক্ষা কৰিছে এক স্থায়ী সমাধানৰ বাবে।

