কাছাৰ জিলাৰ লক্ষ্মীপুৰত ‘ঘৰ ৱাপছি’ৰ ঘটনা পোহৰলৈ আহিছে। স্বেচ্ছাই সনাতন ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকক বিয়া কৰালে মুছলমান ছোৱালীয়ে। কাছাৰ জিলাৰ লক্ষ্মীপুৰত ধৰ্মান্তৰকৰণ আৰু বিবাহক কেন্দ্ৰ কৰি ‘ঘৰ ৱাপছি’ অনুষ্ঠানক লৈ এক উত্তপ্ত আলোচনা আৰম্ভ হৈছে।
জানিব পৰা মতে, এগৰাকী মুছলমান ছোৱালী স্থানীয় হিন্দু যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে স্বেচ্ছাই ইছলাম ত্যাগ কৰি সনাতন ধৰ্ম আকোৱালি লয়। যুৱতীগৰাকীয়ে ঘৰৰ পৰা ওলাই আহি নিজৰ ইচ্ছামতে সনাতন ধৰ্মক আকোৱালি লয় আৰু পিছত হিন্দু ৰীতি-নীতি পালন কৰি প্ৰেমিকক বিয়া কৰাইছিল।এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত লক্ষ্মীপুৰত ‘ঘৰ ৱাপছি’ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সংগঠন দুটাৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে।
সংগঠনটোৰ দাবী অনুসৰি যুৱতীগৰাকীয়ে কোনো ধৰণৰ হেঁচা বা প্ৰলোভন নোহোৱাকৈ স্বেচ্ছাই সনাতন ধৰ্মক আকোৱালি লৈছিল। এই ঘটনাক লৈ স্থানীয় এলেকাত ব্যাপক চৰ্চা চলি আছে।

