পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়নক ‘সুন্দৰা নটুৱা’ বঁটা প্ৰদান

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পালন কৰা হৈছে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দহদিনীয়া কীৰ্তন মহোৎসৱ। মাধৱদেৱ গুৰুজনাৰ ৪৩০ সংখ্যক কীৰ্তন মহোৎসৱৰ লগত সংগতি ৰাখি দক্ষিণ বৰপেটা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সোঁৱৰণী সমিতিৰ উদ্যোগত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় এখন সোঁৱৰণী সভা আৰু বঁটা প্ৰদান অনুষ্ঠান। বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত সোঁৱৰণী সভাত প্ৰদান কৰা হয় ‘সুন্দৰা নটুৱা’ বঁটা।‌ সত্ৰীয়া শিল্পী ভৱহাৰী বায়ন স্মাৰক দ্বিতীয় বাৰ্ষিক ‘সুন্দৰা নটুৱা’ বঁটা প্ৰদান কৰা হয় সংগীত নাটক একাডেমী বঁটা প্ৰাপক তথা পদ্মশ্ৰী উপাধিৰে বিভূষিত সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ গুৰু ঘনকান্ত বৰা বৰবায়নক।


বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে অংগবস্ত্ৰ, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগদ ধনেৰে তেখেতক এই বঁটা প্ৰদান কৰে। বঁটা গ্ৰহণৰ পূৰ্বে বৰবায়নে এটি প্ৰাৰ্থনা ঘোষাৰ আধাৰত সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মোহিত কৰে।বঁটা গ্ৰহণ কৰি সুন্দৰা নটুৱা বঁটাৰ দৰে বৰমাল্যই জীৱন সমৃদ্ধ কৰা বুলি মন্তব্য কৰে ঘণকান্ত বৰা বৰ বায়নে।
উদযাপন সমিতিৰ সভাপতি অনিল কুমাৰ দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সোঁৱৰণী সভা আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে।


বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশ লৈ বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসে বৰপেটাত মাধৱদেৱৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰয়োজনীয়তা পুনৰবাৰ দোহাৰে। সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্রাণজিৎ বৰাই।

Related Articles