পথ নিৰ্মাণ–ৰক্ষণাবেক্ষণৰ গাফিলতিক জগৰীয়া কৰি ক্ষেত্ৰী থানাত এজাহাৰ ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনৰ

ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত NHAIৰ গাফিলতি আৰু দুৰ্বল সুৰক্ষা ব্যৱস্থাক দুৰ্ঘটনাটোৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰি সংগঠনসমূহে এই এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে, যোৱা ৩০ আগষ্টৰ সন্ধিয়া নলগেদেৰাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ প্ৰকাণ্ড গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী ট্ৰেভেলাৰে পথ বিভাজক অতিক্ৰম কৰি বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত সাতগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছিল।
এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থা, প্ৰকাণ্ড গাঁত, অসুৰক্ষিত ক্ৰছিং, ওখ-চাপৰ পথ, অপৰ্যাপ্ত নলা-নৰ্দমা তথা পথৰ সুৰক্ষা ব্যৱস্থাৰ অভাৱক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হয়। সংগঠনসমূহৰ অভিযোগ অনুসৰি, ঘাইপথছোৱাৰ এনে দুৰৱস্থাই পথচাৰীৰ জীৱন বিপদাপন্ন কৰি তুলিছে।

ক্ষেত্ৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰত নলগেদেৰাৰ দুৰ্ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা NHAIৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী তথা দায়িত্বশীল ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।
ইয়াৰ উপৰি দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক ২০ লাখ টকাকৈ আৰু আহত প্ৰতিগৰাকী লোকক ৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠনসমূহে।
একেদৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰকাণ্ড গাঁতসমূহ শীঘ্ৰে মেৰামতি, পথৰ ক্ৰছিংসমূহ সুৰক্ষিত কৰা, নলা-নৰ্দমা ব্যৱস্থা উন্নত কৰা আৰু সমগ্ৰ পথছোৱাৰ সুৰক্ষা ব্যৱস্থা আধুনিকীকৰণৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ দাবী জনোৱা হৈছে।
ভৱিষ্যতে যাতে নলগেদেৰাৰ দৰে শোকাৱহ দুৰ্ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দায়বদ্ধ কৰি কঠোৰ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈও দল-সংগঠনসমূহে দাবী জনাইছে।
নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ
পথ নিৰ্মাণ–ৰক্ষণাবেক্ষণৰ গাফিলতিক জগৰীয়া কৰি ক্ষেত্ৰী থানাত এজাহাৰ ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনৰ
দৈনন্দিন বাৰ্তাৰ সেৱা, সোণাপুৰ, ৪ ছেপ্টেম্বৰ === ডিমৰীয়াৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডিমৰীয়াৰ কেইবাটাও দল-সংগঠনে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত NHAIৰ গাফিলতি আৰু দুৰ্বল সুৰক্ষা ব্যৱস্থাক দুৰ্ঘটনাটোৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰি সংগঠনসমূহে এই এজাহাৰ দাখিল কৰে।