নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা অাৰু পূব নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া ইনামূল মজিদৰ তৎপৰতাত ১নং খাতা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত পূৰ্ণোদ্যমে চলি আছে অনলাইন পাঠদান। সম্প্ৰতি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয় স্তৰত প্ৰত্যক্ষ পাঠদান বন্ধ হৈ থকা বাবে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ ফোন নম্বৰ সংগ্ৰহ কৰিছে আৰু শ্ৰেণী অনুসৰি হোৱাটছ্এপ গ্ৰুপ খুলি প্ৰথম সাময়িকী মূল্যায়নৰ বাবে নিৰ্ধাৰিত পাঠ্যাংশৰ পাঠদান প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে চলাই আছে। এই প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰযুক্তিগত দিশত বিশেষ ব্যুৎপত্তি থকা অাপেক্ষিকভাৱে নবীন শিক্ষকসকলক বিশেষ দায়িত্ব দিয়া বুলি ‘দৈনন্দিন বাৰ্তা’ক জানিবলৈ দিছে সমন্বয়ক সুভাষ বৰ্মনে। ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক দিগন্ত দাস আৰু প্ৰধান শিক্ষয়িত্ৰী যামিনী দাস, উত্তৰ পূব খাতা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ কবিতা দেৱী, ৰজনী কান্ত হালৈ আৰু সাগৰিকা ডেকা, প্ৰেম নাৰায়ণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেবেন দাস, মিতালী চৌধুৰী, মন্তিমনি দে’, দিব্যজ্যোতি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তথা বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ চি আৰ চি চি মহেশ কলিতা আৰু প্ৰধান শিক্ষক যাদৱ দাস, শংকৰদেৱ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণব কুমাৰ মেধি, সহঃ শিক্ষক কালীন্দ্ৰ মেধি, খাতা-বনভাগ এম ই স্কুলৰ উপেন্দ্ৰ কুমাৰ গোস্বামী আৰু ৰানা দাস, দেউহৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ চন্দ্ৰ দাস আৰু অজয় বৰ্মন, ৬৭৫ নং সাহপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক দিলীপ কুমাৰ দাস, ক্ষুদ্ৰপিপলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰীনা বালা বৰ্মন, ৰূপজ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ নাথ শৰ্মা আৰু সহঃ শিক্ষয়িত্ৰী ৰেখা গোস্বামী আদিয়ে পাঠদান প্ৰক্ৰিয়া বিশেষভাৱে চলাই নিছে বুলি জানিব পৰা গৈছে। ছাত্ৰ-ছাত্ৰীৰ শিকন-ঘাটি নহ’বলৈকৈ শিক্ষকসকলক এই পাঠদানৰ বিশেষ পৰিকল্পনাৰে চলাই নিয়াটো সমল কেন্দ্ৰৰ তৰফৰ পৰা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সুভাষ বৰ্মনে পৰ্যবেক্ষণ কৰি আছে বুলিও বিশ্বস্ত সূত্ৰে জানিব পৰা গৈছে। পাঠদান বন্ধৰ সময়ছোৱাত পুষ্টি বাগিছাৰ সংবৰ্ধন,পৰিচৰ্যা আৰু তদাৰকৰ বিশেষ ব্যৱস্থা ল’বলৈয়ো বিভাগীয়ভাৱে প্ৰধান শিক্ষকসকলক দায়িত্ব দিয়া হৈছে। এইক্ষেত্ৰত কোনো সমস্যাৰ উদ্ভৱ হ’লে জিলা আঁচনি বিষয়াসকলৰ পৰামৰ্শ ল’বলৈয়ো কোৱা হৈছে। শিক্ষাখণ্ডটোৰ সমন্বয়ক সুভাষ বৰ্মনৰ সহযোগিতাত আৰম্ভ হোৱা এই পাঠদান কাৰ্যক বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱকসকলে শলাগিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…