ভাৰত চৰকাৰৰ পৰিৱেশ,বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ উদ্যোগত পোনপ্ৰথম বাৰৰ সৰ্বভাৰতীয় পৰ্যায়ত মহলা (ৱাৰ্ড) ভিত্তিত অনুষ্ঠিত “স্বচ্ছ বায়ু সৰ্বেক্ষণ বঁটা”(SWACHH VAYU SARVEKSHAN AWARDS )ৰ বাবে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় নগাঁও পৌৰসভাৰ ৮ নং মহলাই। নতুন দিল্লীৰ গংগা অডিটৰিয়ামৰ ইন্দিৰা পৰ্যাবৰণ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে নগাঁও পৌৰসভাৰ উপ পৌৰপতি তথা ৮ নং মহলাৰ মহলা আয়ুক্ত সীমান্ত বৰাই । বঁটা গ্ৰহণ অনুষ্ঠানত উপ পৌৰপতি বৰাৰ লগতে নগাঁও পৌৰসভাৰ কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে স্বচ্ছতা আৰু প্ৰদুষণ মুক্ত মহলা হিচাপে দহ হেজাৰৰ তলৰ বাসিন্দা থকা শাখাত নগাঁও পৌৰসভাৰ ৮ নং মহলাই এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।এই বঁটাত আছে স্মাৰক আৰু নগদ দহ লাখ টকা।স্বচ্ছ আৰু সেউজ পৰিৱেশ গঢ়াৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ‘স্বচ্ছ বায়ু সৰ্বেক্ষণ’ৰ ৩য় শ্ৰেণীৰ ৱাৰ্ড পৰ্যায়ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত নগাঁও পৌৰসভাৰ ৮ নং মহলাৰ বাসিন্দা সকলৰ লগতে পৌৰসভাখনৰ বিষববীয়া, কৰ্মচাৰীসকল উৎফুল্লিত হৈ পৰে । বঁটা লাভ কৰি নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই কয় যে ৮ নং মহলাৰ সেউজ পৰিবেশে সকলোকে মুগ্ধ কৰি আহিছে।স্বচ্ছ বায়ু সৰ্বেক্ষণ’ৰ ক্ষেত্ৰত মহলাটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰাটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়।এই গৌৰৱৰ মুহূৰ্তত ৮ নং মহলাৰ প্ৰতিগৰাকী সচেতন বাসিন্দাক উপ পৌৰপতি বৰাই আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
নগাঁও চহৰৰ বায়ুৰ গুণমান উন্নত কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ-পৰিষ্কাৰ চহৰ গঢ়াৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা নিৰন্তৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰীয় স্বীকৃতি সম্ভৱ হৈ উঠা বুলি মন্তব্য কৰি উপ পৌৰপতি বৰাই এই ক্ষেত্ৰত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই গ্ৰহণ কৰা উদ্যোগৰ বাবে বিধায়ক শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । উপ পৌৰপতি বৰাই নগাঁও পৌৰসভাৰ পৌৰসভাৰ পৌৰপতিকে ধৰি পৌৰ আয়ুক্ত সকল,পৌৰ সভাৰ বিষয়া কৰ্মচাৰী, স্বচ্ছতাৰ সৈতে জড়িত স্বচ্ছতা কৰ্মী সকল, আত্মসহায়ক গোটৰ মহিলা সকল আৰু নগাঁও সচেতন ৰাইজক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে। আনহাতে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও পৌৰসভাৰ ৮ নং মহলাই ‘স্বচ্ছ বায়ু সৰ্বেক্ষণ বঁটা’ত তৃতীয় স্থান লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি এনে সফলতাৰ বাবে নগাঁও পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, মহলা আয়ুক্ত আৰু বিষয়া-কৰ্মচাৰী, চফাই কৰ্মী আদিক অভিনন্দন জ্ঞাপন কৰে।

