নাজিৰা সমজিলাৰ অন্তৰ্গত শিমলুগুৰিৰ নিবাসী তথা নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক ৰফিকুল ৰহমান ওৰফে ভাইটী ৰহমান আৰু নাই । শিমলুগুৰিৰ জ্যেষ্ঠ সাংবাদিক তথা দৈনিক জনমভূমি কাকতত শিমলুগুৰিৰ প্ৰায় তিনিটা দশক ধৰি সংবাদসেৱা আগবঢ়াই অহাৰ লগতে দৈনিক অসম কাকততো শিমলুগুৰিৰ পৰা সংবাদসেৱা আগবঢ়াই আহিছিল। ৰফিকুল ৰহমান ওৰফে ভাইটি ৰহমান নামেৰে সকলোৰে পৰিচিত এজন ব্যক্তিৰ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ৬ চেপ্তেম্বৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।
তেখেত সুষ্ঠ হৈ সুকলমে ঘৰলৈ উভতি অহাৰ বাবে নাজিৰাৰ সমুহ সংবাদদাতাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। কিন্তু সেই সকলো প্ৰচেষ্টা বিফল হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ভাইটী ৰহমানে। আজি বিয়লি প্ৰায় তিনি বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে সংবাদসেৱী ভাইটী ৰহমানৰ। তেখেতৰ এনে খবৰে সমগ্ৰ নাজিৰা তথা অবিভক্ত শিৱসাগৰ জিলাৰ সংবাদসেৱী আৰু ৰাইজৰ মাজত শোকৰ বন্যা কঢ়িয়াই আনিছে।

