গুৱাহাটীৰ হাতীগাঁৱত নিজ পত্নীক নৃশংসভাৱে ডিঙি কাটি হত্যা কৰাৰ লগতে কটা মূৰ ফ্ৰীজত ভৰাই থোৱা ভয়ংকৰ কাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নীক নৃশংসভাৱে হত্যা কৰাৰ দুদিন পিছত অভিযুক্ত ৰামানুজে নিজেই থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰিছিল আৰু ইয়াৰ পিছতে হাতীগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছিল।
গ্ৰেপ্তাৰৰ পিছত নিশা প্ৰায় 3 বজাত হাতীগাঁও আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে ৰামানুজক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ গৈ থকা অৱস্থাত নৰকাসুৰ পাহাৰৰ সমীপত আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই তেওঁ পলায়নৰ আপ্ৰাণ চেষ্টা চলায়।
আৰক্ষীক ঠেলি চলন্ত গাড়ীৰ পৰা জঁপিয়াইছিল ৰামানুজ গোস্বামীয়ে। GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে এই ঘটনা। নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে। সেইদৰে আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই মৃত্যু হয় পত্নীহন্তা ৰামানুজ গোস্বামীৰ।
(এই ঘটনাৰ সন্দৰ্ভত আৰু অধিক তথ্য পৰৱৰ্তী সময়ত জনাই যাম)

