বিশ্ব ষ্ট্ৰেংথলিফটিং চেম্পিয়নশ্বিপত মাজবাটৰ কৰৱী ডেকাৰ সাফল্য

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ নাম উজলাইছে ওদালগুৰি জিলাৰ মাজবাটৰ খেলুৱৈ কৰৱী ডেকাই। কিৰ্গিজস্তানত অনুষ্ঠিত ত্ৰয়োদশ বিশ্ব ষ্ট্ৰেংথলিফটিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি দুটাকৈ ৰূপৰ পদক অৰ্জন কৰিছে কৰৱী ডেকাই। কিৰ্গিজস্তানৰ ইছিক-কুলত ৮ৰ পৰা ১২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হয় ত্ৰয়োদশ বিশ্ব ষ্ট্ৰেংথলিফটিং আৰু ইনক্লাইন বেঞ্চ প্ৰেছ চেম্পিয়নশ্বিপ।

বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিযোগীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰে অসমৰ মাজবাটৰ কৰৱী ডেকাই। মহিলাৰ ছিনিয়ৰ শাখাৰ ৬৫ কেজি শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰি কৰৱী ডেকাই দুটাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

কৰৱী ডেকাৰ এই সাফল্যই কেৱল মাজবাটতেই নহয়, অসমৰ ক্ৰীড়াক্ষেত্ৰতো কঢ়িয়াই আনিছে গৌৰৱ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ এই কৃতিত্বই ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত সৃষ্টি কৰিছে আনন্দৰ পৰিৱেশ। মাজবাটৰ পৰা এই সফলতাই অসমৰ ক্ৰীড়াক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ লগতে উদীয়মান খেলুৱৈসকলকো উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

কৰবী ডেকাৰ কৃতিত্বৰ বাবে ওৰাং সাংবাদিক সংস্থা,পূব ওদালগুৰি প্ৰেছ ক্লাব,আপকু ওদালগুৰি জিলা সমিতি,ওদালগুৰি জিলা সাংবাদিক ন্যাস আৰু উন্নয়ন সংস্থা,ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি আদিয়ে আন্তৰিকতাৰ শুভেচ্ছা জনাইছে৷

Related Articles