মুকালমুৱা আৰক্ষীৰ জালত নকল পিষ্টলসহ ৪ ডকাইতঃ ফ্লিপকাৰ্টৰ বাহন ৰখাই পুতলা পিষ্টল দেখুৱাই লুটিছিল সামগ্ৰী

মুকালমুৱা আৰক্ষীৰ জালত পুতলা পিষ্টল সহ ৪ ডকাইত। কিছুদিন পূৰ্বে মুকালমুৱাৰ বদনি আখিয়াত ফ্লিপকাৰ্টৰ সামগ্ৰী কঢ়িওৱা বাহন এখন ৰখাই পুতলা পিষ্টল দেখুৱাই ভয়-ভাবুকি প্ৰদান কৰি বাহনখনৰ পৰা সামগ্ৰী লুটি লৈ গৈছিল ডকাইতৰ এটা দলে। এই ডকাইতি কাণ্ডৰ তদন্ত চলাই মুকালমুৱা আৰক্ষীয়ে অৱশেষত নকল পিষ্টলসহ ৪জন ডকাইতক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ডেকাইত কেইটাৰ নাম ক্ৰমে আতিকুৰ ৰহমান(২৭), জাইদুল ইছলাম(২৭), মহিৰুদ্দিন আলী(২৭) আৰু নেকিবুৰ ৰহমান(৩৫)। আটাইকেইজনৰে ঘৰ হাজো থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত।

আৰক্ষীয়ে অভিযান চলাই তেওঁলোকৰ পৰা ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা পুতলা পিষ্টল এটা উদ্ধাৰ কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চাৰিওজনৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীয়ে ১৩৭/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ডকাইতি কাণ্ডৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে।

Related Articles