প্ৰসংগঃ শিৱসাগৰৰ যুৱকৰ আত্মহত্যাৰ ঘটনা, গ্ৰেপ্তাৰ অনুশ্ৰী বৰা নামৰ এগৰাকী যুৱতীক

প্ৰসংগঃশিৱসাগৰৰ যুৱকৰ আত্মহত্যাৰ ঘটনা-ঘটনাৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অনুশ্ৰী বৰা নামৰ এগৰাকী যুৱতীক৷ ধৃত অনুশ্ৰীৰ ঘৰ তেজপুৰৰ কেতেকীবাৰীত৷ ২০ ছেপ্টেম্বৰত তেজপুৰত আত্মহত্যাৰ পথ বাচি লৈছিল অমৃতপাল সিং নামৰ যুৱকজনে৷ তেজপুৰৰ চিত্ৰলেখানগৰত ভাড়াতীয়া হিচাপে আছিল যুৱকজন৷ ৰেডিমেড খাদ্য প্ৰস্তুত ব্যৱসায়ৰে জড়িত আছিল অমৃতপাল৷ ৰাজেশ চেত্ৰী নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া আছিল৷ ২০ ছেপ্টেম্বৰৰ সন্ধ্যা ভাড়াঘৰৰ কোঠালিত চিপ লোৱা অৱস্হাত উদ্ধাৰ হৈছিল মৃতদেহ৷

আত্মহত্যা কৰে৷ শিৱসাগৰৰ লাচিতনগৰত ঘৰ আছিল মৃত যুৱকজনৰ৷ যুৱকজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে তেজপুৰত দাখিল কৰিছিল এজাহাৰ৷ আৰক্ষীয়ে এজাহাৰ আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আজি পুৱা অনুশ্ৰীক গ্ৰেপ্তাৰ কৰিছে৷ অনুশ্ৰীৰে যুৱকজনৰ আছিল প্ৰেমৰ সম্পৰ্ক৷ অনুশ্ৰীয়ে যুৱকজনক পৰিয়ালৰ স’তে সম্পৰ্ক নাৰাখিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উঠিছে৷ আৰক্ষীয়ে মৃত অমৃতপালৰ মোবাইলত অনুশ্ৰীৰে নিবিড় মুহুৰ্তৰ ফটো আৰু বাৰ্তা লাভ কৰিছে৷

ধৃত প্ৰেয়সী অনুশ্ৰীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷তেজপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ 108 ধাৰাৰ অধীনত 624/2025 নং গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷

Related Articles