প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা মাণ্ডলিকৰ উদ্যোগত আৰু কমাৰগাঁও বুনিয়াদী সংঘৰ আতিথ্যত কমাৰগাঁও বুনিয়াদী সংঘৰ নামঘৰ প্ৰাংগণত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা গছপুলি ৰোপণ, শৰাই প্ৰতিষ্ঠা আৰু পতাকা উত্তোলনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। দিনৰ ভাগত ভাগৱত পাঠ, শিশুৰ বৰগীত আৰু কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়ালৈ বন্তি প্ৰজ্জ্বলন আৰু নিশালৈ অখণ্ড নাম-প্ৰসংগ পৰিৱেশন কৰা হয়। মহোৎসৱৰ অন্তিম দিনা পুৱা ১০ বজাত কেন্দ্ৰীয় সংঘৰ সম্পাদক ভূপেন বৰুৱাই ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে। এই বৰ্ণাঢ্য ‘ভাগৱত ভ্ৰমণ’ কাৰ্যসূচীত ভকত-বৈষ্ণৱসকলে বেনাৰ-ফলক প্ৰদৰ্শন কৰি নাম-প্ৰসংগৰে খোজকাঢ়ি যোৱা পৰিলক্ষিত হয়।
এই শোভাযাত্ৰাত কমাৰগাৱঁৰ আইমাতৃ, ভকত-বৈষ্ণৱ আৰু ডেকা-গাভৰুৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি গুৰুজনাৰ কলা-কৃষ্টি তথা মহান আদৰ্শ চিৰযুগমীয়া কৰি ৰখাৰ সংকল্প লয়। ইফালে, দিনৰ ১২:৩০ বজাত মাণ্ডলিকৰ সভাপতি বিপিন চন্দ্ৰ বৰাৰ পৌৰোহিত্যত মূল ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সংঘৰ সভাপতি দিগন্ত ভূঞা।
লগতে উপ-সভাপতি ভুবন গোহাঁই, অধ্যাপক প্ৰেমানন্দ তালুকদাৰ আৰু মুখ্য শৰণাচাৰ্য চন্দ্ৰ কমল বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। নিশা ৯ বজাত কমাৰগাঁও অঞ্চলৰ যুৱক-যুৱতীসকলৰ দ্বাৰা “ভাগৱত মাহাত্ম্য গোকৰ্ণ – ধুন্ধুকাৰী আখ্যান” শীৰ্ষক ভাওনা প্ৰদৰ্শনেৰে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ সফল সামৰণি পৰে।

