ঢকুৱাখনা মিনি ষ্টেডিয়ামত অহা ১ অক্টোবৰৰ পৰা ৪ অক্টোবৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ঢকুৱাখনা প্ৰিমিয়াৰ লীগ’ (DPL) ছিজন-১। এই ক্ৰিকেট প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ অংশ হিচাপে ঢকুৱাখনাৰ নতুন আৱৰ্ত ভৱনৰ (Circuit House) সন্মিলন কক্ষত খেলুৱৈসকলৰ নিলাম (Auction) প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰা হয়। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হোৱা নিলাম প্ৰক্ৰিয়া বিয়লি ৫ বজাত সুকলমে সামৰণি পৰে। এই নিলামত মুঠ ২২৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে আৰু ৮ টা ফ্ৰেঞ্চাইজি দলে খেলুৱৈসকলক ক্ৰয় কৰি নিজা নিজা দল গঠন কৰে।
নিলাম অনুষ্ঠানত ঢকুৱাখনা সম-জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথ উপস্থিত থাকি প্ৰায় আধাঘণ্টা সময় উদ্যোক্তা তথা দলসমূহৰ সৈতে মত বিনিময় কৰে আৰু আয়োজকসকলক উৎসাহিত কৰে। কাৰ্যসূচী অনুসৰি, অহা ১, ২ আৰু ৩ অক্টোবৰত প্ৰতিযোগিতাখনৰ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৪ অক্টোবৰত দিবা-নৈশ (Day-Night) ফাইনেল মেচ আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। ঢকুৱাখনাৰ এই প্ৰথম ঐতিহাসিক ক্ৰিকেট মহোৎসৱ উপভোগ কৰিবলৈ আৰু প্ৰতিযোগিতাখনি সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ আয়োজক সমিতিয়ে অঞ্চলটোৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আন্তৰিক আহ্বান জনাইছে।

