অটল বিহাৰী বাজপেয়ী ভৱনত সাংসদ বিজুলী কলিতা মেধিৰ সংবাদমেল
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভ্ৰান্তি বিয়াপোৱাৰ চেষ্টা কৰিছে। এটা বাতৰিৰ আধাৰত তেওঁ অপপ্ৰচাৰত লিপ্ত হৈছে। এই বাতৰি ভিত্তিহীন বুলি মন্তব্য কৰে সাংসদ বিজুলি কলিতা মেধিয়ে ।

কংগ্ৰছে নেতা জনৰ কথাও ভিত্তিহীন। হতাশ হৈ তেওঁলোকে সাংবিধানিক সংস্থা এটাৰ ওপৰত, EVM ৰ ওপৰত প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰিছে। গান্ধী পৰিয়ালে ভাৰতক পৈত্ৰিক সম্পত্তি বুলি ধৰি লৈছে।কিন্তু ভাৰত বাসীয়ে এই কথা বুজাই দিছে এই ভাৰত তেওঁলোকৰ পৈত্ৰিক সম্পত্তি নহয়। তেওঁলোকৰ ফলাফল ভাল হলে evm ভাল আৰু ফলাফল বেয়া হলে evm বেয়া। মনমোহন সিঙৰ কাৰ্যকালত তেওঁলোকে এই পন্থা অবলম্বন কৰিছিল নেকি।2024 ত যাতে শাসনলৈ আহিব নোৱাৰে তাৰ বাবে বাংলাদেশত আৰ্টিকল প্ৰকাশ কৰোৱাইছিল। হতাশ হৈ তেওঁলোকে এনেদৰে প্ৰশ্ন কৰিবলৈ লৈছে!বিদেশলৈ গৈ তেওঁ ভাৰতক বদনাম কৰে। প্ৰতিটো কথাতেই বিভ্ৰান্তিকৰ প্ৰশ্ন উত্থাপন কৰাটোৱেই কাম হৈ পৰিছে। আমি ৰাহুল গান্ধীক আহ্বান জনাইছো বিৰোধী পক্ষত থাকি বিৰোধীৰ ভূমিকা পালন কৰক। এনে বিভ্ৰান্তিকৰ তথ্য বিয়পাই থাকিব নালাগে। অটল বিহাৰী বাজপেয়ী ভৱনত সাংসদ বিজুলী কলিতা মেধিৰ সংবাদমেলত এনেদৰে কংগ্ৰেছক সমালোচনা কৰে ।

