আজি অসম আৰক্ষী দিৱসঃ কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত মন্দাকাটাত

আজি অসম আৰক্ষী দিৱস। আজি কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হয় প্ৰথম অসম আৰক্ষী কামাণ্ড বেটেলিয়ন কেম্প মন্দাকাটাত। অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । লগতে উপস্থিত থাকে অসম আৰক্ষী প্ৰধান হাৰ্মিত সিংৰ লগতে অসম আৰক্ষীৰ বহু উচ্চ পৰ্যায়ৰ বিষয়া ।

অসম আৰক্ষী দিৱস উপলক্ষ্যে মাননীয় ৰাজ্যপাল মহোদয়ে নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে আহ্বান জনায় ।
লগতে অসম আৰক্ষীৰ প্ৰতিজন জোৱানে ৰাইজৰ সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অহাৰ কথা প্ৰকাশ কৰে। আজি অসম আৰক্ষী দিৱস উপলক্ষ্যে পাঁচগৰাকী অসম আৰক্ষীৰ শীৰ্ষপৰ্য্যায়ৰ আৰক্ষীৰ ৰাজ্যপালৰ বিশেষ পদক প্ৰদান কৰা হয় ।

পদক প্ৰাপক সকল ক্ৰমে ADGP শ্ৰী সুৰেন্দ্ৰ কুমাৰ, Commissioner of Police পাৰ্থ সাৰথি মহন্ত, IGP কঙ্কন জ্যোতি শইকীয়া , IGP ইন্দ্ৰানী বাৰুৱ আৰু IGP ৰত্না সিং ।

Related Articles