মন্দিয়াৰ বৰদলনীত পথৰ দাঁতিত অচিনাক্ত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত ২নং বৰদলনীত এটি নৱজাতক কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱাত বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে কালি আবেলি ৩ বজাত মন্দিয়া আৰক্ষী চকীৰ আৰক্ষীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত উক্ত নৱজাতক শিশুটি উদ্ধাৰ কৰি লৈ যায়। সম্প্ৰতি উক্ত নৱজাতক কন্যা শিশুটিৰ মৃতদেহটো কোনে কিয়  পেলাই থৈ গ’ল সেয়া আৰক্ষীয়ে অনুসন্ধান অৱ্যাহত ৰাখিছে যদিও কোনোবাই নিজৰ কলংক ঢাকিবলৈ এইদৰে পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে।

Related Articles