প্ৰেৰণা ট্ৰাষ্টৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনঃ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সম্পন্ন

ৰাজ্যৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰেৰণা ট্ৰাষ্টে ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি গুৱাহাটীৰ চানমাৰীস্থিত চৰকাৰী পেন্সনাৰ ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে৷ ট্ৰাষ্টৰ ৰূপালী জয়ন্তী উপলক্ষে নিমকন্যা লিজা ডেকাৰ তত্বাবধানত বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ বিদ্যালয়সমূহত নিমপুলি ৰোপণ কৰে৷ তদুপৰি বিনামূলীয়া চকু পৰীক্ষা শিৱিৰো অনুষ্ঠিত কৰে৷ আজিৰ অনুষ্ঠানত ট্ৰাষ্টে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক কৃতী শিক্ষয়িত্ৰী ফুলেশ্বৰী ডেকাৰ সোঁৱৰণত সম্বৰ্দ্ধনা জনায়৷ সেই অনুসৰি সুৱৰ্ণ শইকীয়া বৰদলৈক সাহিত্য ৰত্ন, বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা আৰু কানন শৰ্মাক জীৱনযোৰা সাধনা বঁটা, ৰসসূৰ্য ডা°অঞ্জনজ্যোতি চৌধুৰীক ‘মেন অৱ দ্য ইয়েৰ’ বঁটা আৰু ড° নিৰূপা ৰয় বৰুৱাক ‘ অমেন অৱ দ্য ইয়েৰ বঁটা‘ প্ৰদান কৰা হয়৷

আনহাতে ববিতা শৰ্মাক শ্ৰেষ্ঠ গায়িকাৰ শিল্পী প্ৰেৰণা বঁটা, অনুষ্কা বৰুৱাক উদীয়মান শিল্পী বঁটা, স্বপ্না বৰুৱাক কাব্য প্ৰেৰণা, জোন জোনালী ডেকা আৰু মিনতি গোস্বামীক সাহিত্য, বিনোদ ৰয়, চাণক্য দাসক সমাজ সেৱক, ড°ৰাজু বৰুৱাৰক শ্ৰেষ্ঠ চিত্ৰশিল্পী,ড° খনিন্দ্ৰ মোহন দাসক নাট্যৰথী, ড°ভূমিধৰ দাস,ড°কাজল ৰয়ক প্ৰিয় ব্যক্তিত্ব সন্মান প্ৰদান কৰাৰ লগতে বিশিষ্ট ফেশ্বন ডিজাইনাৰ ড°মণি দাসক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, শিল্পী সংগীতা কাকতি, সাহিত্যিক ড°যতীন্দ্ৰনাথ ডেকা, জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰ, ট্ৰাষ্টৰ সচিব প্ৰকাশ ডেকা,পৰিচালন সচিব সবিতা বৰ্মন ডেকা আদি উপস্থিত থাকে৷ নিম কন্যা লিজা ডেকাই আঁত ধৰা অনুষ্ঠানটোত শিশু শিল্পী জীয়া নন্দিনী কাশ্যপ আৰু আদৃত চৌধুৰীয়ে গীত পৰিৱেশন কৰে৷ কবিতা আবৃত্তি কৰে ড°কৃপাঞ্জলী কটকী, ড°নিৰুপা ৰয় বৰুৱা, জোন জোনালী ডেকা আদিয়ে৷

Related Articles