উচ্চতম ন্যায়ালয়ত আজি পুনৰ মুখথেকেচা শ্যামকানু মহন্তৰ।
শ্যামকানুক আজিও জামিন নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে।
৪ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।
১৯ ছেপ্টেম্বৰৰ দিনা য়টত থকা ছিংগাপুৰৰ সকলো প্ৰৱাসী অসমীয়াৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
‘এতিয়ালৈ জুবিন হত্যাৰ গোচৰত ১২২জনৰ সাক্ষ্য গ্ৰহণ’
‘ইয়াৰে ভিতৰত ৯জন প্ৰৱাসী অসমীয়া’
‘এতিয়াও বহুতৰে সাক্ষ্য ল’বলৈ বাকী আছে’
বিচাৰ প্ৰক্ৰিয়া তীব্ৰ গতিত চলি আছে বুলি মন্তব্য চৰকাৰী অধিবক্তা জীয়াউৰ কামাৰৰ।
আনহাতে আজি শ্যামকানুৰ জামিন আবেদনৰ শুনানিৰ পৰিপ্ৰেক্ষিতত বাক্সাৰ নিকাচি জে’লত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছিল।

