মুকালমুৱাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত “সেৱা সংকল্প অভিযান” উপলক্ষে সেৱা সেতু অভিযান আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন। ভাৰত চৰকাৰৰ ১২ টা আঁচনি আৰু অসম চৰকাৰৰ ১২ আঁচনি মিলাই মুঠ ২৪ টা আঁচনিৰ সুবিধা যাতে ৰাইজে লাভ কৰিব পাৰে তাৰ বাবে এই শিৱিৰৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসাৰ বাবে এটি স্বাস্থ্য শিৱিৰৰো আয়োজন কৰে। উক্ত স্বাস্থ্য শিৱিৰত বিভিন্ন ৰোগৰ ক্ষেত্ৰত ৰোগী সকলক চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰাৰ লগতে NCD স্বাস্থ্য পৰীক্ষা হয়।
আজিৰ এই কাৰ্যসূচীত প্ৰতিটো আঁচনিৰ বাবে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ চৌহদত পৃথকে পৃথকে কাউন্টাৰ বহুওৱা হৈছে। এই কাৰ্যসূচীত দিব্যাংগ লোক সকলে যাতে অৰুণোদয় লগতে প্ৰাপ্য সকলো আঁচনি লাভ কৰিব পাৰে তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
এই শিৱিৰৰ পৰা ৰাইজ যথেষ্টখিনি উপকৃত হ’ব বুলি উল্লেখ কৰে নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। আজিৰ এই কাৰ্যসূচীত জিলা আয়ুক্তৰ লগতে উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া ড৹ ধ্ৰুৱজ্যোতি হাজৰিকা, নলবাৰী তথা বৰক্ষেত্ৰীৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল।

