চৰাইদেউৰ সাপেখাতীত চাওঁতালী ছাত্ৰ সন্থাৰ উদ্যোগত ১৬৬ তম হুল দিৱস উদযাপন

সদৌ অসম চাওঁতালী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু টিমন বৰটানি গাওঁৰ চাওঁতালী সকলৰ সহযোগত ১৬৬ তম হুল দিৱসটি কৰুণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুস্থুপীয়াকৈ দিনযোৰা কাৰ্য্যসূচীৰে আটাল বনুৱা প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰে ৷ প্ৰথম কাৰ্য্যসূচী অনূসৰি পুৱা চাওঁতালী সমাজৰ জাতীয় পতাকা উত্তোলন কৰে ৰামেশ্বৰ চৰেনে ৷ চাওঁতাল ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চাওঁতালী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি পুনেশ্বৰ বাস্কেয়ে ৷ স্মৃতি তৰ্পণ কৰে চৰাইদেউ জিলা সমিতিৰ সহকাৰী সম্পাদক অমৰ হেমৰম ৷ উক্ত অনুস্থানত উপস্থিত থাকে দেবানন্দ টুডু , নয়নমণি বাস্কে আৰু প্ৰবীন টুডুকে আদি কৰি বহু গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

Related Articles