চাহ-বাগিছাৰ শ্ৰমিক সমাজত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰাৰ সময়তে নাজিৰা মহকুমা প্ৰশাসনে সকলো শ্ৰমিকে উপলব্ধি কৰিব পৰাকৈ এটি গীতৰ এলবাম নাজিৰাৰ চিনাকি চাহ-বাগিচা সমূহৰ দৃশ্যায়নৰ মাজেদি দুদিন পূৰ্বে মুকলি কৰে । অঁনাতাৰ শিল্পী ভদ্ৰ ৰাজোৱাৰৰ কণ্ঠত চাহ-বনুৱাৰ ভাষাৰে নিগৰি বোৱা এই ঝুমুৰৰ সুৰে ইতিমধ্যে বাগিচাই বাগিচাই সুপ্ৰচাৰ লাভ কৰা দেখা গৈছে । ” কি যে হ’ল এক দুনীয়া, বেমাৰ আল’ক কৰ’না, কৰ’নাচে বাজতে হ’লে, দূৰে দূৰে থাক’না” শীৰ্ষ গীতৰ ধ্বনিৰ লগত মাদলৰ ছেৱে নাজিৰাৰ চাহ-বাগিচা ধ্বনিত কৰিছে । হোৱাটচ এপ, ইউ টিউব, ফেচবুকৰ মাজেদি সম্প্ৰসাৰণ হোৱা এই গীতে শ্ৰমিকৰ মাজৰ চৰ্দাৰ আৰু দুই এক এনড্ৰইড মোবাইল লোৱা শ্ৰমিকে সহজে শুনাৰ সুবিধাত উৎফুল্ল হৈ পৰিছে । নাজিৰা মহকুমা প্ৰশাসনৰ হৈ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সভাগৃহত সকলোৰে উদ্দেশ্যি মুকলি কৰা গীতৰ এলবামটিৰ জড়িয়তে সান্ধ্য আইন সজাগতাৰে মানি চলা, ঘৰৰ ভিতৰত সোমাই ৰোৱা, মুখত মাস্ক পিন্ধি ৰোৱা, সঘনাই হাত ধোৱা, ভিৰৰ পৰা দূৰত থকা, বীজানু নাশক প্ৰয়োগ কৰা, প্ৰতিৰোধী টীকা গ্ৰহণ কৰা আদি বিষয় সমূহ চাহ শ্ৰমিকৰ নিজা ভাষাত তুলি ধৰা বুলি প্ৰকাশ কৰে । বৰ্ণালী দত্ত , বসন্ত ৰাজোৱাৰ আৰু বৰুণ ৰাজোৱাৰৰ পৰিচালনাৰে অৰূপ, বাবুল আৰু বধুৱাৰ সংগীত সংযোজনত সম্পাদনা কৰিছে জুলফিকুৰ ৰহমানে । নাজিৰা জনসংযোগ বিভাগ, চাহ জনগোষ্ঠীয় সাহিত্য সভা, অসম চাহ মজদুৰ সংঘৰ সহযোগত প্ৰস্ত্তত হোৱা এলবামটিৰ উন্মোচনী সভাত সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, নাজিৰা অসম চাহ মজদুৰ সংঘৰ সম্পাদক উপেন চাহু, সভাপতি ভদ্ৰ ৰাজোৱাৰ, অসম চাহ কৰ্মচাৰী সংঘৰ নাজিৰাৰ সম্পাদক চিন্ময় বৰা আদি বিশিষ্ট লোক সকল উপস্থিত থাকে । চাহ শ্ৰমিক সমাজত মাইকযোগে সজাগতা প্ৰসাৰৰ বাবে এই গীতে এক যোগাত্মক ভূমিকা লোৱাৰ সম্ভাৱনা আছে ।

