আজি ৰাতিপুৱা গোৱালপাৰাৰ ভালুকডুবিবাসী জাহাঙ্গীৰ আলমৰ ঘৰত অসম আৰক্ষীয়ে এক অভিযান চলায়।এই অভিযানত এক বৃহৎ পৰিমাণৰ ড্ৰাগচ, কাফ চিৰাপ, কাফ চিৰাপ বনোৱা সামগ্ৰী জব্দ কৰা হয়। এইবোৰৰ বজাৰ মূল্য ১০ কৌটি টকা হ’ব বুলি অনুমান কৰা হৈছে।উল্লেখযোগ্য যে, জাহাঙ্গীৰ আলমে ঘৰতে কফ চিৰাপ বনোৱাৰ বাবে এটা কাৰখানা তৈয়াৰ কৰি লৈছিল যিটো আছিল এটা ভুগৰ্ভস্থ কোঠাত।অভিযানটোত নিচাজাতীয় সামগ্ৰীৰ লগতে ১খন JCB, 1 খন বলেৰ’ পিকআপ ভেন, ১ খন অল্ট’ কাৰ আৰু ১ খন ই ৰিক্সাও জব্দ কৰা হয়।

