দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি-বাঘমাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বুধবাৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। “শক্তি বিভাগ হায়-হায় ,শক্তিমন্ত্ৰী হায়-হায় ,তিনি-চাৰিদিনে আন্ধাৰত মৰিছো ,আমাক পোহৰৰ দিহা কৰক ” আদি বিভিন্ন শ্ল’গানেৰে বিদ্যুৎ নিয়মীয়াকৰণৰ দাবীত একেলগে দুঠাইত প্ৰতিবাদ। নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিণ বৰপেটাৰ বাঘবৰৰ আলোপতি-বাঘমাৰা চৰত বিদ্যুৎ গ্ৰাহকে সাৱ্যস্ত কৰিলে এই উত্তাল প্ৰতিবাদ। উল্লেখ্য যে বিগত প্ৰায় চাৰি-পাঁচ দিনৰে পৰা দক্ষিণ বৰপেটাৰ বাঘবৰ সমষ্টিৰ বিভিন্ন গাঁৱত বিদ্যুৎ ব্যাহত হৈ আছে। বিষয়টোক ল’ই গ্ৰাহক ৰাইজৰ লগতে আলোপতি ছাত্ৰ সংগঠনেও প্ৰতিবাদত অংশ ল’ই শীঘ্ৰে বিদ্যুত সেৱা নিয়মীয়া কৰাৰ দাবী উত্থাপন কৰে। স্মৰ্তৱ্য যে স্বাধীনতাৰ সাত দশকৰ অন্তত প্ৰায় ডেৰ-দুই বছৰৰ পূৰ্বেহে উল্লেখিত ঠাই সমূহত বিদ্যুৎ সেৱা আৰম্ভ হৈছিল যদিও সম্প্ৰতি উপৰিঞ্চি চাৰি-পাঁচ দিন একেৰাহে বিদ্যুৎ বিকল হৈ পৰাত সাধাৰণ গ্ৰাহকৰ লগতে বেয়াকৈ বিপদত পৰিছে একাংশ ব্যৱসায়ীও। বিদ্যুৎ চুৰি ৰোধ কৰি শীঘ্ৰে নিয়মীয়া গ্ৰাহক সকলক ২৪×৭ বিদ্যুৎ সেৱা আগবঢ়াবলৈ বিভাগটোলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।

