জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান।
দেশ এৰাৰ নিৰ্দেশ অভিনেতা ইমৰান খানক।
২৮ অক্টোবৰৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ মুম্বাই আৰক্ষীৰ।
CJPৰ আন্দোলনত অংশ লৈছিল অভিনেতাজনে।
আমেৰিকাৰ নাগৰিক হৈ ভাৰতত প্ৰতিবাদ কৰিছিল ইমৰান খানে।
ইমৰান খান জন্মসূত্রে আমেৰিকান নাগৰিক।
তেওঁৰ ওচৰত ভাৰতৰ OCI (Overseas Citizen of India) অৰ্থাৎ ভাৰতৰ বিদেশী নাগৰিকত্ব কার্ড আছে।
এজন OCI কার্ডধাৰী হৈ তেওঁ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদত অংশ লৈ নিয়ম ভংগ কৰিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত মুম্বাই আৰক্ষীয়ে তেওঁক ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰিবলৈ জাননী জাৰি কৰিছে।

