কোভিড প্ৰ’টকলৰ ওপৰত বকোৰ ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ উদ্যোগত সজাগতাৰ বাণী প্ৰচাৰ

চৰকাৰী এছ অ পি মানি চলিবলৈ ৰাইজক আহ্বান।

সম্প্ৰতি ক’ৰোণা মহামাৰীৰ আতংকৰ বাবে চৌদিশে সৃষ্টি হৈছে সন্ত্ৰাসৰ। এই ক্ষেত্ৰত ভীতিগ্ৰস্ত নহৈ সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে চৰকাৰ তথা সচেতন নাগৰিকে। ইফালে ক’ৰোণা মহামাৰী অধিক সংক্ৰমণ নহ’বলৈ আৰু নিজৰ সুৰক্ষা নিজেই লৱলৈ আজি কামৰূপ জিলাৰ বকোত ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ উদ্যোগত পঞ্চায়ত এলেকাত প্ৰচাৰ গাড়ীৰে ঘোষণা কৰে কোভিড প্ৰ’টকলৰ নীতি নিৰ্দেশনা তথা পালন কৰিবলগীয়া বাণী। বকো বজাৰৰ নিচেই কাষতে অৱস্থিত ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ সচিব ফনীন্দ্ৰ নাৰায়ণ দাসে জনোৱা মতে ; কোভিড মহামাৰীৰ প্ৰ’টকল মানি চৌদিশে ভিবীশিকা সৃষ্টি কৰা ক’ৰোণা ৰোগ অধিক সংক্ৰমণ নহ’বলৈ ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায় প্ৰচাৰ গাড়ীৰে কোভিড প্ৰ’টকলৰ নীতি নিৰ্দেশনা তথা বাণী প্ৰচাৰ কৰা হয়। লগতে চৰকাৰী এছ অ পি মানি চলিবলৈ ৰাইজক আহ্বান জনায়। পঞ্চায়ত খনৰ কাৰ্য্যালয় সহায়ক আশ্ৰম বড়োৰ সহযোগত পঞ্চায়ত এলেকাত গাড়ীত মাইক বান্ধি ক’ৰোণা ৰোগৰ পৰা ৰক্ষা পাবলৈ পালন কৰিব লগা বাণী যেনে মাস্ক পৰিধান কৰা ; সময়ে সময়ে হাত চাবোন পানীৰে ধুই থকা ; চেনিটাইজাৰ লগোৱা ; জ্বৰ কাহ হ’লে চিকিৎস্যকৰ লগত যোগাযোগ ৰক্ষা কৰা ; পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা ; আনৰ লগত কথা বতৰা পাতোতে দুৰত্ব বজাই ৰাখি চলা আদি নীতি নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনোৱা হয়। পঞ্চায়তৰ কাৰ্য্যালয়ৰ উদ্যোগত কৰা এই প্ৰচাৰৰ বাবে বকোৰ সচেতন ৰাইজে শলাগ লৈছে পঞ্চায়তৰ সচিব গৰাকীক।

Related Articles