ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত দিল্লী নাৰীসৰবৰাহকাৰী এজন যুৱকক আটক

ডিব্ৰুগড় জিলাৰ জকাই পুৰণি বলাই গাঁৱৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাক অপহৰণ কৰিব আহি আৰক্ষী হাতত ধৰা পৰে দিল্লী এজন যুৱক। যুৱক জনৰ নাম অজিত ৰাজপাল। জানিব পৰামতে কিছুদিন পূৰ্বে নাৰীসৰবৰাহকাৰী ৪১বছৰীয়া অজিত ৰাজপালে ম’বাইলৰ যোগেদি ভিডিঅ’ কল কৰি বোৱাৰী গৰাকীৰ সৈতে চিনাকী হোৱা পিছতে আজি হঠাৎ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈ বোৱাৰী গৰাকীক লগত লৈ দিল্লীলৈ নিয়াৰ সময়তে CISFৰ সন্দেহ হোৱাত তাৎক্ষণিক মোহনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত সোণোৱালক খবৰ দিয়াত বিমান বন্দৰৰ পৰা আটক কৰি লৈ আহে। ম’বাইলত বহু যুৱতীৰ সৈতে ভিডিঅ’ কল কৰাও তথ্য আৰক্ষীয়ে লাভ কৰিছে। ইতিমধ্যে দিল্লী নাৰীসৰবৰাহকাৰী অজিত ৰাজপালৰ বিৰুদ্ধে বৰবৰুৱা আৰক্ষী থানাত স্বামীয়ে গোচৰ ৰুজু কৰিছে।

Related Articles