অসমবাসীৰ বাবে ভাল খবৰ।
বাংগালুৰুত অসমবাসীৰ বাবে আজিৰে পৰা স্থায়ী ঠিকনা।
আজি উদ্বোধন কৰিলে বাংগালুৰুত নতুনকৈ নিৰ্মাণ হোৱা ‘অসম ভৱন’।
আনুষ্ঠানিকভাৱে উদ্বোধন হ’ল বাংগালুৰুৰ অসম ভৱন।
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
৭১ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে ৬ মহলীয়া ভৱনটো।
ছয় মহলীয়া এই অসম ভৱনত VVIP ছুইটৰ পৰা সাধাৰণ সকলো সা-সুবিধা সন্নিৱিষ্ট কোঠাৰ ব্যৱস্থা আছে।
বিভিন্ন সময়ত শিক্ষা আৰু চিকিৎসাৰ বাবে যোৱা ৰাজ্যৰ লোকসকলৰ বাবে বিশেষভাৱে সহায়ক হ’ব এই ভৱনটো।

