স্বতন্ত্ৰ ৰাষ্ট্ৰ চামোৱাত ভাৰত-চামোৱাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

স্বতন্ত্ৰ ৰাষ্ট্ৰ চামোৱাত ভাৰত-চামোৱাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
চামোৱা ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চামোৱাৰ প্ৰধানমন্ত্ৰী লাউআলি লিউয়াটিয়া স্মিটৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।

ভাৰত চৰকাৰৰ অনুদান-সহায় আঁচনিৰ অধীনত SENESE প্ৰকল্প ৰূপায়ণৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হয়।


এই প্ৰকল্পৰ জৰিয়তে বিশেষভাৱে সক্ষম শিশু আৰু ব্যক্তিসকলৰ বাবে সহায়-সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ অধীনত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সহজে ব্যৱহাৰ কৰিব পৰা আন্তঃগাঁথনি গঢ়ি তোলা, শ্ৰৱণ-সম্পৰ্কীয় পৰীক্ষা আৰু চিকিৎসা সেৱা, অন্তৰ্ভুক্তিমূলক শিক্ষা, প্ৰাৰম্ভিক শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।


এই পদক্ষেপৰ জৰিয়তে বিশেষভাৱে সক্ষম শিশু আৰু ব্যক্তিসকলৰ বিকাশৰ অধিক সুযোগ সৃষ্টি কৰাৰ লগতে তেওঁলোকক সমাজৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত আৰু চামোৱাৰ মাজত সহযোগিতাৰ এই পদক্ষেপে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিব বুলি আঁশা কৰা হৈছে।

Related Articles