গৰৈমাৰীত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ টি এম পি কেৰ

বোকাখাত বিধান সভাৰ মহুৰামুখৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ২ নং গৰৈমাৰীত নিৰ্মাণ কৰি থকা অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে মিছিং ছাত্ৰ সংগঠন টি এম পি কেই৷অভিযোগ অনুসৰি জনৈক দাওঁ উপাধিৰ এগৰাকী ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে শৌচালয় সমুহ নিৰ্মাণ কৰিছে৷বাৰিষা অধ্যুষিত অঞ্চলতোত এনেদৰে অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা শৌচালয় সমুহ অতি সহজে ভাগি পৰাৰ সম্ভাৱনা ব্যক্ত কৰে টি এম পি কেৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ সভাপতি নয়নমনি মৰাং,সম্পাদক নয়নমনি বৰি,গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি জিতু কুমাৰ বৰিয়ে৷লগতে বিভাগীয় কতৃপক্ষক উক্ত বিষটো উচিত তদন্ত কৰিবলৈ দাবী উত্থান কৰে৷

Related Articles