জুবিন গাৰ্গৰ মৃ/ত্যুৰ গোচৰৰ শুনানিত দুই অভিযুক্তৰ জামিন লাভ সন্দৰ্ভত মহাধিবক্তা দেৱজিৎ শইকীয়াৰ সংবাদমেল সম্বোধন। সংবাদমেল সম্বোধন কৰি মহাধিবক্তা দেৱজিৎ শইকীয়াই কয় যে-
‘জুবিন গাৰ্গৰ গোচৰত জামিন লাভ কৰা অমৃতপ্ৰভা মহন্তৰ জামিনৰ নিৰ্দেশত কিছু আঁসোৱাহ দেখা পোৱা গৈছে’।
‘অসম চৰকাৰে অমৃতপ্ৰভা আৰু সন্দীপন গাৰ্গৰ জামিনৰ নিৰ্দেশ খাৰিজ কৰি পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ আবেদন লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব’।

‘SLP দাখিল কৰি উচ্চ ন্যায়ালয়ৰ জামিন নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ অনুমতি ল’ব ৰাজ্য চৰকাৰে’।
এই ঘোষণা অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত ল’ন শইকীয়াৰ।
‘ৰাজ্য চৰকাৰৰ ন্যায়িক গোটে সুনিপুনভাৱে বিগত ১ বছৰ ১০ মাহ ধৰি গোচৰটো সফলতাৰে চলাই আছে’।
‘চাৰ্জশ্বীটৰ ভিত্তিতেই চলিছে সমগ্ৰ গোচৰ, গতিকে ইয়াত কোনো গাফিলতি নাই আৰু ক্লীনচীটৰ প্ৰশ্নই নুঠে’।
অমৃতপ্ৰভাৰ অধিবক্তাই SITৰ চাৰ্জশ্বীটক ক্লীনছীট আখ্যা দিয়া সন্দৰ্ভত প্ৰত্যুত্তৰ মহাধিবক্তা দেৱজিত লন শইকীয়াৰ।

