লাহদৈগড় আৰক্ষী চকীৰ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত

লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে পুনৰ ঢেকীয়াখোৱা দগাচুকৰ ডিম্বেশ্বৰ শইকীয়া ,বৰখেলিয়া তিনি আলিৰ গোপাল দাস আৰু ৰামপুৰৰ চুনিল কুমাৰৰ বাসগৃহত অভিযান চলাই অবৈধ ভাৱে ৰখা ৯ কাৰ্টুন দেশী,বিদেশী সুৰা জব্দ কৰি অৱকাৰী বিভাগক চমজাই দিয়ে। আৰক্ষী যোৱাৰ উমান পাই অভিযুক্ত কেইজন পলাই যাৱলৈ সক্ষম হয়।অসাধু ব্যৱসায়ী সকলৰ মুৰৰ কামোৰণী হৈ পৰিছে আৰক্ষী বিষয়া সঞ্জয় ৰয়।অাৰক্ষীয়ে জানিৱলৈ দিয়া মতে জব্দ কৰা সুৰা সমুহৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা।এনে পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।

Related Articles