দৰঙৰ ডিটিঅ’ কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বন

ৰাজপথত সুৰাপান কৰি উদ্ভণ্ডালি কৰা দৰঙৰ জিলা পৰিবহণ বিষয়া (ডি টি অ’) তথা আঞ্চলিক পৰিবহণ কর্তৃপক্ষৰ সচিব কুমাৰ সঞ্জীৱ কৃষ্ণক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে কুমাৰ সঞ্জীৱ কৃষ্ণক ‘আছাম ছার্ভিচেছ (ডিচিপ্লিন এণ্ড আপীল) ৰুলছ, ১৯৬৪ৰ ৬ (১) (এ) নং বিধিৰ অধীনত নিলম্বন কৰা হয়৷

উল্লেখ্য যে অতি শেহতীয়াকৈ দুই মিনিট ৫০ ছেকেণ্ড দৈর্ঘ্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ য’ত ৰাজপথতে সুৰাপান কৰি কুমাৰ সঞ্জীৱ কৃষ্ণই কেইজনমান সহকর্মীৰ উপস্থিতিতে অশ্লীল মন্তব্য তথা অভব্য আচৰণ কৰা পৰিলক্ষিত হৈছিল৷ সুৰামত্ত পৰিবহণ বিষয়াজনৰ এনে কাণ্ডক লৈ দৰং জিলাৰ লগতে সমগ্র ৰাজ্যতে বিৰূপ প্রতিক্রিয়া সৃষ্টি হয়৷ ইয়াৰ মাজতে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বনৰ নির্দেশ দিয়ে৷ লগতে বিষয়টোৰ তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছে পৰিবহণ আয়ুক্ত আদিল খানক৷ অহা ১৫ দিনৰ ভিতৰত পৰিবহণ আয়ুক্ত আদিল খানে তদন্ত প্রতিবেদন দাখিল কৰিব লাগিব৷

Related Articles