নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰেংবেং গৰুবন্ধা মিকিৰ গাঁওস্থিত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া এক বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷
উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত আজি দ্বিতীয় দিনা কাৰ্য্যসূচীত যুৱক যুৱতীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়৷
স্থানীয় কাৰ্বি জনজাতি ৰাইজৰ মাজত এই ৩৪তম কাৰ্বি যুৱ মহোৎসৱক লৈ উৎসাহ- উদ্দীপনা দেখিবলৈ পোৱা যায়৷
এই যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি এখনি ক্ষুদ্ৰ মেলাৰো আয়োজন হয় গুণাৰাম টিমুং ক্ষেত্ৰৰ খেলপথাৰত৷
দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে কাৰ্বি ৱেলফেয়াৰ অটনমাছৰ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃছাৰছিং ইংতি কাঠাৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল৷

