মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এটা ব্যতিক্রমী স্বেচ্ছাসেৱক সংগঠন, লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনে এই বেলি বহু জনহিতকৰ কাম কৰি সমাজত এটা বিশেষ মৰ্যাদা লাভ কৰিছে।লাহৰীঘাট অঞ্চলৰ ধিঙৰআটি গাঁৱৰ আইজুল ইছলামৰ কন্যা শিশু চোমাইয়া ছিদ্দিকা বিগত প্ৰায় এমাহ ধৰি ব্লাড কেঞ্চাৰ ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে। শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছিল। সেই মৰ্মে আজি লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনৰ সভাপতি তথা সমাজ সেবক জাবেদ আলীৰ নেতৃত্বত শিশুটিৰ অভিভাবকক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য আগবঢ়ায় । আৰু আৰ্থিক সাহায্য প্ৰদান কাৰ্যত সহযোগিতা কৰে সমুহ অৰগেনাইজেচনৰ কৰ্ম কৰ্তা ক্ৰমে ফাহাদ শাহিন আলী, ৰেজুৱান ইছলাম, , আজহাৰুল আহমেদ , আফৰুচ জাহান আৰু ৰাজিবুল ইছলামে। তেওঁলোকৰ এই কাৰ্যত স্হানীয় লোকে প্ৰশংসা কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…
- কলপাতত প্ৰসাদ আগবঢ়াওক, দৰিদ্ৰতা দূৰ হ’ব! জানি লওক নিয়ম…
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…