এফালে লকডাউন আৰু কাৰ্ফিউ আনফালে সৰ্বসাধাৰণৰ মাজত অৰ্থনৈতিক সংকট। অৰ্থনৈতিক দুৰবস্থাই কোঙা কৰা এই জটিল সময়তে গোলাঘাটত পুনৰ সক্ৰিয় হৈ উঠিছে চোৰৰ বৃহৎ গেং।কাৰ্ফিউৰ সুযোগ লৈ নগৰখনৰ কেইবাটাও অঞ্চলত চোৰে চলালে চাফাই অভিযান। শনিবাৰে নিশা গোলাঘাটৰ তিনিটা অঞ্চলত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড।লাখ লাখ টকাৰ সামগ্ৰী লুটি নিলে চোৰে।
গোলাঘাটৰ তপন নগৰৰ অনুপম ফেক্টৰীৰ সমীপত এটা বাসগৃহৰ পৰা নগদ ১ লাখ টকা আৰু প্ৰায় ডেৰ লাখ টকাৰ আ-অলংকাৰ লুটপাট চোৰৰ । নিশাৰ আন্ধাৰত গৃহস্থ শুই থকা অৱস্থাত চলালে এই চুৰিকাণ্ড। শ্ৰীকান্ত গুপ্তা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।
অন্যহাতে,নগৰখনৰ নিউ ফিচ মাৰ্কেটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাও চোৰে লুটি নিলে নগদ ১০ হাজাৰ টকা।গেলামালৰ দোকানখনৰ দুৱাৰ ভাঙি চোৰে সংঘটিত কৰে এই ঘটনা।পুৱাই গৌৰৱ বাৰ্ণাল নামৰ স্বত্বাধিকাগৰাকী জনে দোকান খুলিবলৈ বুলি আহি প্ৰত্যক্ষ কৰিলে এই চুৰিকাণ্ড।
ইপিনে,গোলাঘাটৰ ঘোষ গাৰ্মেন্টচ নামৰ এখন কাপোৰৰ দোকানতো চোৰে চলালে অন্য এক অভিযান।অৱশ্যে দোকান খনৰ পৰা কোনো সা-সামগ্ৰী লুটি নিব নোৱাৰিলে যদিও দোকানখনৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল চোৰে।বৰ্তমান গোলাঘাট আৰক্ষী তিনিওটা অঞ্চলত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…