কলিয়াবৰতো হত্যাকাৰী ঘনকান্তৰ প্ৰৱঞ্চনা…

কলিয়াবৰতো গুৱাহাটীৰ বিলাস হোটেলৰ লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ থগ-প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ আহিছে। কলিয়াবৰৰ নলতলীৰ ‘ৰত্ন বানী টিভিছ’ নামৰ টিভিএছ কোম্পানীৰ দুচকীয়া বাহনৰ বিক্ৰী প্ৰতিষ্ঠানৰ পৰা যোৱা বছৰৰ অক্টোবৰ মাহতে বিশ হাজাৰ টকাৰ প্ৰাৰম্ভিক ধন জমা দি টিভিএছ ফাইনান্সৰ পৰা এখন টিভিএছ জুপিটাৰ স্কুটি বাহন ক্ৰয় কৰাৰ পাছত এটকাও ঋণৰ সুদ পৰিশোধ নকৰাৰ ঘটনা পোহৰলৈ আহিছে।

‘প্ৰেছ’ নামাঙ্কিত এখন চাৰিচকীয়া বাহনত সন্ধিয়া সপৰিয়ালে আহি কলিয়াবৰৰ নলতলীৰ ৰত্ন বানী টিভিছ ডীলাৰৰ পৰা তেজপুৰৰ ঠিকনাৰে ক্ৰয় কৰিছিল দুচকীয়া বাহনখন। য’ত লটাৰী যোগে লাভ কৰিছিল এটা ৱাশ্বিং মেচিন। বাহন খনৰ ছাৰ্ভিচিঙো কৰিছিল এই অমানুহ প্ৰৱঞ্চক ঘনকান্তই। কিন্তু তাৰ পিছত প্ৰৱঞ্চক ঘনকান্তই দেখুৱালে নিজৰ ৰূপ। পৰৱৰ্তী সময়ত বাৰম্বাৰ ফোন কৰিও যোগাযোগ কৰিব নোৱাৰিলে বিত্তীয় প্ৰতিষ্ঠানটোৱে। এই ঘনকান্তই এটকাও সুদ পৰিশোধ নকৰাত টিভিএছ ফাইনান্সৰ এজন যুৱকে হেৰুৱাইছিল চাকৰি।

Related Articles