অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই ধুবুৰীৰ যোগমায়া পাৰঘাটৰ পৰা আজি ৩৬জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে। আজি পুৱতি নিশা চলোৱা এই অভিযানত গ্ৰেপ্তাৰ হোৱা লোককেইজনে অসমত প্ৰৱেশ কৰি ধুবুৰীক ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই জনোৱা মতে, বাংলাদেশী নাগৰিকৰ এটা দলে জিলাখনত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সন্দৰ্ভত যোৱা কেইবাদিনো ধৰি আৰক্ষীয়ে চোৰাংচোৱা তথ্য লাভ কৰি আহিছিল।

ইয়াৰ ভিত্তিত ব্ৰহ্মপুত্ৰৰ পাৰঘাট সমূহত নিৰীক্ষণ বৃদ্ধি কৰা হৈছিল। নদীপথেৰে অনুপ্ৰৱেশৰ সম্ভাৱনাক গুৰুত্বসহকাৰে লৈ আৰক্ষীয়ে বিশেষ নজৰ ৰাখিছিল। আজি পুৱতি নিশা প্ৰায় ২.৩০ বজাত লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটত আৰক্ষীৰ এটা দলে ৩৬জন সন্দেহজনক লোকক আটক কৰে। পৰৱৰ্তী পৰীক্ষা-নিৰীক্ষাৰ অন্তত আটাইকেইজন বাংলাদেশৰ ৰাজশাহী বিভাগৰ চাপাই নৱাবগঞ্জ জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰা হয় বুলি এছ এছ পি দেৱাশীষ বৰাই জানিবলৈ দিয়ে।
প্ৰাথমিক জেৰাত লোককেইজনে হাটশিঙিমাৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীপথেৰে নাওযোগে ধুবুৰীলৈ অহা বুলি জানিব পৰা গৈছে। ধুবুৰীক যাত্ৰাপথৰ মাজৰ স্থান হিচাপে ব্যৱহাৰ কৰি চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰা বুলি তেওঁলোকে আৰক্ষীক জানিবলৈ দিয়া বুলি সূত্ৰই প্ৰকাশ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যাত্ৰাৰ ব্যৱস্থা কৰি দিয়াৰ নামত প্ৰতিজন লোকে মধ্যভোগীক ১৫ হাজাৰৰ পৰা ১৭ হাজাৰ টকাকৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত ‘মিলন’ নামৰ এজন ব্যক্তিয়ে সহায় কৰা বুলিও আটকাধীন লোকসকলে উল্লেখ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা তদন্তৰ জৰিয়তে পৰীক্ষা কৰা হ’ব।

এছ এছ পি দেৱাশীষ বৰাই কয় যে বৃহৎ সংখ্যক লোক নদীপথেৰে আহি থকাৰ তথ্য লাভ কৰাৰ পিচত প্ৰায় তিনিদিন ধৰি পাৰঘাটসমূহত আৰক্ষীয়ে নিৰীক্ষণ চলাইছিল। প্ৰথম অৱস্থাত তেওঁলোকে কোনটো পথেৰে আহিব সেয়া নিশ্চিত নাছিল যদিও নদীপথেৰে অহাৰ সম্ভাৱনাক লৈ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছিল।
আৰক্ষীয়ে আটকাধীন লোকসকলৰ পৰা নথি-পত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিছে। এছ এছ পি দেৱাশীষ বৰাৰ মতে, আটকাধীনসকলৰ বয়স আনুমানিক ৩০ৰ পৰা ৪০ বছৰৰ ভিতৰত আৰু তেওঁলোকৰ মাজত কোনো মহিলা, শিশু নাই।
আনহাতে, জেৰাৰ সময়ত ৩৮জন বাংলাদেশী নাগৰিক অসমত প্ৰৱেশ কৰা বুলি আটকাধীন লোকসকলে কোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। কিন্তু অভিযানত ৩৬জনকহে আটক কৰা হৈছে। এই পাৰ্থক্যৰ কাৰণো তদন্তৰ সময়ত পৰীক্ষা কৰা হ’ব।
এছ এছ পি বৰাই জনোৱা মতে, আটকাধীন লোকসকলৰ জেৰা আৰু পৰিচয় সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। এই ঘটনাই ধুবুৰীৰ নদীপথসমূহ অবৈধ সীমান্ত পাৰাপাৰৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগক পুনৰ চৰ্চালৈ আনিছে। আৰক্ষীয়ে জনোৱা মতে, লোককেইজনৰ ভাৰতত প্ৰৱেশৰ প্ৰকৃত পৰিস্থিতি আৰু ইয়াৰ সৈতে জড়িত বুলি অভিযোগ উঠা মধ্যভোগীসকলৰ ভূমিকা তদন্তৰ জৰিয়তে নিৰ্ণয় কৰি আইন অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

