শতাধিক মাটিৰ চাকিৰ পোহৰত, মুকলি আকাশৰ তলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে আয়োজন কৰে জোনাকী মেল৷ বিভাগটোৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই ৷ যোৱা শনিবাৰে, নিশা ৮ বজাত সামৰণি পৰা অনুষ্ঠানটি উদ্বোধন কৰি বৰমেলুৱৈ আসনৰ পৰা উপাচাৰ্য বৰাই কয়, “এটা জাতিক শক্তিশালী কৰি ৰাখিবলৈ এনে অনুষ্ঠান অতি দৰকাৰী৷ বিজ্ঞানৰ উত্থানেও আমাৰ পৰা পৰম্পৰা কঢ়ি নিব নোৱাৰে ৷
এনে অনুষ্ঠানে শৈশৱৰ মধুৰ স্মৃতি ৰোমন্থনৰ সুযোগ দিয়ে৷ প্ৰযুক্তি আগবাঢ়িলেও পৰম্পৰা ৰক্ষা কৰি চলিবই লাগিব৷” অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অভিনেতা জ্যোতি গগন বৰবৰা আৰু নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে উস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰাপক নগাঁৱৰ সন্তান বিদ্যুত কুমাৰ নাথ৷শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত গীত-নৃত্য -অভিনয়-কথা-সংগীতালখ্যৰে জীপাল কৰি তোল বিশ্ববিদ্যালয়খনৰ বাকৰি৷বিভাগীয় মুৰব্বী ড° ছাহিন জাফ্ৰিয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত অধ্যাপক ড° শ্যামলী দলৈ, ড° শিখামণি শৰ্মা, প্ৰিয়ংকা ভাগৱতী, বিশ্ববিদ্যালয়খনৰ সহকাৰী জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ শৰ্মা, বাণিজ্য বিভাগৰ অধ্যাপক ৰিপুঞ্জয় গোস্বামীকে আদি কৰি শিক্ষাৰ্থী, গৱেষক, বিষয়াবৰ্গ উপস্থিত থাকে ৷ ছাত্ৰী আকাংক্ষা বৰুৱা আৰু মনশ্ৰী গোস্বামীয়ে অনুষ্ঠানটো আঁতধৰে।

