জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰা ডল সিনহাৰ অন্তিম বিষ্ণুপ্ৰিয়া মণিপুৰী গীত আৰু মিউজিক ভিডিঅ “জনম জনমে” মুকলি

জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰা ডল সিনহাৰ অন্তিম বিষ্ণুপ্ৰিয়া মণিপুৰী গীত আৰু মিউজিক ভিডিঅ “জনম জনমে” আজি মহানগৰীৰ হোটেল গেটৱেত আনুষ্ঠানিক ভাবে মুকলি কৰা হ’য়। উল্লেখ্য যে এয়া কিংবদন্তি গায়ক জুবিন গাৰ্গৰ সৈতে ডল সিনহাৰ দ্বিতীয়টো বিষ্ণুপ্ৰিয়া মণিপুৰী গীত। গায়িকা ডল সিনহা দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আৰু তেওঁ বৰাক উপত্যকাৰ। ২০১৮ চনত তেওঁ জুবিন গাৰ্গৰ সৈতে ENOPA PRODUCTIONS-ৰ অধীনত প্ৰযোজনা কৰা ‘COFFEE ELA BAARO YAARI’ শীৰ্ষক এলবামৰ জৰিয়তে সংগীত যাত্ৰা আৰম্ভ কৰিছিল। গীতটোৰ সুৰকাৰ আৰু গীতিকাৰ ক্ৰমে দিলীপ সিনহা আৰু পদ্মজা সিনহা।

মনকৰিব লগীয়া যে ডল সিনহা, বৰাক উপত্যকাৰ একমাত্ৰ শিল্পী যিয়ে জুবিন গাৰ্গৰ সৈতে মিউজিক ভিডিঅ’ত কণ্ঠদান কৰাৰ লগতে ‘নিৰলে খানি’, শীৰ্ষক প্ৰথম বিষ্ণুপ্ৰিয়া মণিপুৰী মিউজিক ভিডিঅটোত অভিনয় কৰিছে। গীতটোৰ সংগীত ব্যৱস্থাপনা কলকাতাৰ তন্ময় চট্টোপাধ্যায়ৰ।
গীতটিৰ মিউজিক প্ৰডাকচন আৰু মিক্স-মাষ্টাৰ কৰিছে বলীউডৰ মিউজিক প্ৰডিউচাৰ/কম্পোজাৰ/অডিঅ’ ইঞ্জিনিয়াৰ অসমৰ উত্তৰ লখিমপুৰৰ চানিভ জুলফিয়ে।
এইখিনিতে উল্লেখ কৰিবলগীয়া যে চেন্নাইৰ এ আৰ ৰহমান কে এম কলেজ অৱ মিউজিক ষ্টাডিজত সংগীত অধ্যয়ন কৰা চানিভ জুলফিৰ বাবে জুবিন গাৰ্গ আছিল মূল পথ প্ৰদৰ্শক। জীৱন সলনি কৰা এই পথ প্ৰদৰ্শনৰ বাবে চানিভ জুবিন গাৰ্গৰ ওচৰত চিৰদিন কৃতজ্ঞ ।

“জনম জনমে” গীতৰ মিউজিক ভিডিঅটো পৰিচালনা কৰিছে প্ৰভু ভীয়ে আৰু এ আই ক্ৰিয়েটিভ কলকাতাৰ সায়ন্তন অধিকাৰীৰ। মিউজিক ভিডিঅ’টো সম্পূৰ্ণৰূপে কেৰালাত শ্বুটিং কৰা হৈছে। মিউজিক ভিডিঅ’টো ইউটিউবত – ‘dollsinha4403’ ত মুকলি কৰা হ’ব আৰু ১৮ নৱেম্বৰত, জুবিন গাৰ্গৰ জন্ম জয়ন্তীৰ প্ৰাকক্ষণত, গীতটো সকলো মিউজিক প্লেটফৰ্মতে উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে। অনুষ্ঠানত ড° পালমী বৰঠাকুৰ, সংগীত শিল্পী ৰাজা বৰুৱা,বলীউডৰ জনপ্ৰিয় মডেল-অভিনেতা তৰুণ অৰোৰা, সংগীত পৰিচালক চানভি জুলফী, অসমীয়া ছবি “মন যায়”ৰ পৰিচালক এম মনিৰাম,আৰোহণ ফাউণ্ডেচনৰ সঞ্চালক ড° সীমা কাশ্যপ প্ৰমুখ্যে অন্যান্য বিশিষ্ট অতিথি সকল উপস্থিত থাকে।

Related Articles