আইআইটি গুৱাহাটীৰ পেট্ৰ’লিয়াম শোধন, পেট্ৰ’ৰাসায়নিক পদাৰ্থ, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু শক্তি খণ্ডত গৱেষণা তথা উদ্ভাৱনক আগুৱাই নিয়াৰ লক্ষ্যৰে বুজাবুজি চুক্তিত স্বাক্ষৰ*

আইআইটি গুৱাহাটীৰ পেট্ৰ’লিয়াম শোধন, পেট্ৰ’ৰাসায়নিক পদাৰ্থ, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু শক্তি খণ্ডত গৱেষণা তথা উদ্ভাৱনক আগুৱাই নিয়াৰ লক্ষ্যৰে বুজাবুজি চুক্তিত স্বাক্ষৰ*


আইআইটি গুৱাহাটীয়ে হাইড্ৰ’কাৰ্বন খণ্ডৰ বাবে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ বিশেষ প্ৰযুক্তি কোষ উচ্চ প্ৰযুক্তি কেন্দ্ৰৰ সৈতে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই সহযোগিতাৰ মূল লক্ষ্য হৈছে পেট্ৰ’লিয়াম শোধন, পেট্ৰ’ৰাসায়নিক পদাৰ্থ, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু শক্তি খণ্ডত গৱেষণা তথা উদ্ভাৱনক আগুৱাই নিয়া। এই চুক্তিৰ গুৰুত্বপূৰ্ণ অংশ হৈছে উচ্চ প্ৰযুক্তি কেন্দ্ৰ–আইআইটি গুৱাহাটী গৱেষণা ফেল’শ্বিপ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত প্ৰতি বছৰে সৰ্বাধিক তিনিগৰাকী গৱেষকক পি এইচ ডি গৱেষণাৰ বাবে নিৰ্বাচন কৰি গৱেষণা ফেল’ হিচাপে নিযুক্তি দিয়া হ’ব। একে সময়তে সৰ্বাধিক দহগৰাকী ফেল’ক এই সুবিধা প্ৰদান কৰা হ’ব। প্ৰতিগৰাকী ফেল’ৰ গৱেষণাৰ বিষয় দুয়োটা প্ৰতিষ্ঠানে যুটীয়াভাৱে নিৰ্ধাৰণ কৰিব। গৱেষণাৰ ক্ষেত্ৰত আইআইটি গুৱাহাটীৰ এগৰাকী অধ্যাপকে তত্ত্বাৱধায়ক হিচাপে আৰু উচ্চ প্ৰযুক্তি কেন্দ্ৰ অথবা কেন্দ্ৰটোৱে মনোনীত কৰা উদ্যোগিক অংশীদাৰৰ এগৰাকী বিশেষজ্ঞই সহ-তত্ত্বাৱধায়ক বা পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰিব। এই কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত গৱেষকসকলে প্ৰচলিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ণায়ক পৰীক্ষা অথবা প্ৰতিষ্ঠানৰ নিৰ্ধাৰিত হাৰৰ তুলনাত ২৫ শতাংশ অধিক ফেল’শ্বিপ লাভ কৰিব। ইয়াৰ উপৰি ঘৰ ভাড়া ভাট্টা, বাৰ্ষিক আকস্মিক ব্যয় অনুদান আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো আৰ্থিক সাহায্য লাভ কৰিব। এই সুবিধা সৰ্বাধিক চাৰি বছৰৰ বাবে প্ৰদান কৰা হ’ব আৰু প্ৰয়োজন সাপেক্ষে এবছৰলৈ বৃদ্ধি কৰিব পৰা যাব। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ণায়ক পৰীক্ষা অথবা স্নাতক অভিযান্ত্ৰিক যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ লগতে আইআইটি গুৱাহাটীয়ে অনুষ্ঠিত কৰা পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীসকল এই ফেল’শ্বিপৰ বাবে যোগ্য বিবেচিত হ’ব। গৱেষকসকলে আইআইটি গুৱাহাটীত আৰু/অথবা উচ্চ প্ৰযুক্তি কেন্দ্ৰ তথা ইয়াৰ উদ্যোগিক অংশীদাৰসকলে নিৰ্ধাৰণ কৰা স্থানত গৱেষণা সম্পন্ন কৰিব পাৰিব।
বুজাবুজিৰ চুক্তিৰ অধীনত চিনাক্ত কৰা গৱেষণাৰ বহল ক্ষেত্ৰসমূহৰ ভিতৰত আছে সেউজ হাইড্ৰ’জেন (বিদ্যুৎ বিশ্লেষক আৰু ইন্ধন কোষ প্ৰযুক্তি), শক্তি সংৰক্ষণ ব্যৱস্থা, ক্ষয় প্ৰতিৰোধ অভিযান্ত্ৰিকী, কাৰ্বন আহৰণ, ব্যৱহাৰ আৰু সংৰক্ষণ, কাৰ্বন ডাই-অক্সাইডৰ পৰা ৰাসায়নিক পদাৰ্থ উৎপাদন, খাৰুৱা তেলৰ পৰা ৰাসায়নিক পদাৰ্থ উৎপাদন, বহুআণৱিক পদাৰ্থ আৰু পেট্ৰ’ৰাসায়নিক পদাৰ্থ, অনুঘটক আৰু সংযোজক পদাৰ্থ, কয়লা আৰু জৈৱভৰৰ গেছীকৰণ, প্ৰক্ৰিয়া নক্সা প্ৰস্তুতকৰণ আৰু দক্ষতা বৃদ্ধি, পানী সংৰক্ষণ আৰু বৰ্জিত পানীৰ পৰিশোধন, আৱৰ্জনাৰ মূল্য সংযোজন, বিকল্প ইন্ধন, অণু প্ৰযুক্তি, ডিজিটেলীকৰণ আৰু চাইবাৰ সুৰক্ষা। পি এইচ ডি ফেল’শ্বিপ কাৰ্যসূচীৰ উপৰিও
দুয়োটা প্ৰতিষ্ঠানৰ পাৰস্পৰিক স্বাৰ্থজড়িত দীৰ্ঘম্যাদী পৃষ্ঠপোষকতাপ্ৰাপ্ত গৱেষণা প্ৰকল্প ৰূপায়ণ কৰা হ’ব, য’ত উদ্যোগিক অংশীদাৰসকলেও অংশগ্ৰহণ কৰিব পাৰিব,
গৱেষণা, বিকাশ আৰু উদ্ভাৱনৰ এক সুদৃঢ় পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আইআইটি গুৱাহাটীত যুটীয়াভাৱে উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হ’ব, উচ্চ প্ৰযুক্তি কেন্দ্ৰ আৰু ভাৰতীয় তেল শোধনাগাৰসমূহৰ সহযোগত পেট্ৰ’লিয়াম শোধন আৰু পেট্ৰ’ৰাসায়নিক প্ৰযুক্তি, ক্ষয় প্ৰতিৰোধ আৰু সম্পদৰ অখণ্ডতা, সেউজ হাইড্ৰ’জেন, কাৰ্বন আহৰণ, ব্যৱহাৰ আৰু সংৰক্ষণ, অগ্নি আৰু প্ৰক্ৰিয়া সুৰক্ষা, উন্নত প্ৰক্ৰিয়া নিয়ন্ত্ৰণ, জৈৱ ইন্ধন, শক্তি ৰূপান্তৰ, জীৱন চক্ৰ মূল্যায়ন আৰু শূন্য কাৰ্বন নিৰ্গমন আদি বিষয়ত নিয়মীয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিব,শোধনাগাৰৰ কাৰ্যকলাপ আৰু শক্তি খণ্ডৰ প্ৰত্যাহ্বানসমূহৰ সৈতে পোনপটীয়াকৈ জড়িত হোৱাৰ সুযোগ প্ৰদানৰ বাবে আইআইটি গুৱাহাটীয়ে উচ্চ প্ৰযুক্তি কেন্দ্ৰৰ কাৰ্যকলাপ সমিতিৰ বৈঠকসমূহত অংশগ্ৰহণ কৰিব, শোধনাগাৰ আৰু শক্তি খণ্ডৰ বাবে প্ৰাসংগিক পৰীক্ষণৰ সুবিধাসমূহ আইআইটি গুৱাহাটীত যুটীয়াভাৱে স্থাপন কৰা হ’ব,শক্তি নীতি সময়োচিতভাৱে প্ৰস্তুত কৰাত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক সহায় কৰাৰ উদ্দেশ্যে যুটীয়াভাৱে এটা শক্তি বিষয়ক চিন্তা-চৰ্চা আৰু গৱেষণা কেন্দ্ৰ গঢ়ি তোলা হ’ব, তেল আৰু গেছ, জৈৱ ইন্ধন আৰু সেউজ শক্তি প্ৰযুক্তিৰ ক্ষেত্ৰত আইআইটি গুৱাহাটীৰ অধ্যাপকসকলৰ বাবে হ্ৰস্বম্যাদী শৈক্ষিক অৱকাশ আৰু উদ্যোগৰ বিশেষজ্ঞসকলৰ বাবে সহযোগী অধ্যাপক হিচাপে কাম কৰাৰ সুযোগ সৃষ্টি কৰাৰ লগতে উদ্ভাৱকসকলৰ নেতৃত্বত গঢ়ি উঠা নতুন উদ্যোগৰ জৰিয়তেও যুটীয়াভাৱে বিকশিত প্ৰযুক্তিসমূহৰ বাণিজ্যিকীকৰণৰ পথ প্ৰশস্ত কৰা হ’ব।

ভাৰতৰ হাইড্ৰ’কাৰ্বন খণ্ডই যিহেতু ক্ৰমাৎ স্বচ্ছ ইন্ধন, পেট্ৰ’ৰাসায়নিক উদ্যোগৰ সংহতকৰণ আৰু শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, সেয়েহে উচ্চ দক্ষতাসম্পন্ন গৱেষক আৰু উদ্যোগৰ প্ৰয়োজনৰ সৈতে সংগতি থকা সমাধানৰ চাহিদা বৃদ্ধি পাইছে। এই সহযোগিতাই আইআইটি গুৱাহাটীৰ গৱেষণাৰ শক্তিক উচ্চ প্ৰযুক্তি কেন্দ্ৰ আৰু ইয়াৰ সহযোগী প্ৰতিষ্ঠানসমূহৰ উদ্যোগিক অভিজ্ঞতাৰ সৈতে একত্ৰিত কৰিব। ইয়াৰ ফলত দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ এক সুদৃঢ় ব্যৱস্থা সৃষ্টি হোৱাৰ লগতে শক্তি খণ্ডত উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব।
উচ্চ প্ৰযুক্তি কেন্দ্ৰৰ সৈতে হোৱা এই সহযোগিতাৰ বিষয়ে মন্তব্য কৰি আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে কয়, “উচ্চ প্ৰযুক্তি কেন্দ্ৰৰ সৈতে এই অংশীদাৰিত্বই আমাৰ গৱেষক শিক্ষাৰ্থীসকলক তেল আৰু গেছ তথা শক্তি উদ্যোগৰ সৈতে পোনপটীয়াকৈ সংযুক্ত কৰিব। যুটীয়া তত্ত্বাৱধানত পি এইচ ডি গৱেষণা, পৃষ্ঠপোষকতাপ্ৰাপ্ত প্ৰকল্প আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে এই সহযোগিতাই উদ্যোগৰ বাস্তৱ প্ৰত্যাহ্বানসমূহৰ সমাধান উদ্ভাৱনত সহায় কৰিব। লগতে ভাৰতৰ শক্তি ৰূপান্তৰৰ বাবে প্ৰয়োজনীয় দক্ষ মানৱ সম্পদ গঢ়ি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”
এই বুজাবুজিৰ চুক্তিখন গোৱাৰ অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেশ্যনৰ উন্নত প্ৰশিক্ষণ প্ৰতিষ্ঠানত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হয়। আইআইটি গুৱাহাটীৰ প্ৰশাসনিক বিভাগৰ ডীন অধ্যাপক সুকুমাৰ নন্দী আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ উচ্চ প্ৰযুক্তি কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক শংকৰ গুণশেখৰণে চুক্তিখনত স্বাক্ষৰ কৰে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড০ নীৰজ মিত্তল, মন্ত্ৰালয়ৰ গেছ বিভাগৰ যুটীয়া সচিব অলোক ত্ৰিপাঠী আৰু আইআইটি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ ড০ সুমিত কুমাৰ।

Related Articles