ডিকমৰ এএফটি চাহ ফেক্টৰীত এগৰাকী মহিলাক নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাগক পদৰ পৰা অব্যাহতি দিয়া হৈছে। একে সময়তে সংগঠনটোৰ উপ-সভাপতি দানেল মুণ্ডাক ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
বৃহস্পতিবাৰে লাহোৱালত অনুষ্ঠিত আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, মহিলা নিৰ্যাতনৰ অভিযোগত অভিযুক্ত নুৰুল আলম খানৰ পৰা ৩ লাখ ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছিল আটছাৰ তদানীন্তন জিলা সভাপতি বিমল বাগৰ বিৰুদ্ধে। এই সন্দৰ্ভত নুৰুল আলম খানৰ পুত্ৰ আছলাম খানে লাহোৱাল থানাত এজাহাৰ দাখিল কৰিছিল।
আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক চনু উৰাঙে কয় যে, জিলা সভাপতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিততে জৰুৰী কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয়। কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে বিমল বাগক পদৰ পৰা অব্যাহতি দিয়াৰ লগতে নিলম্বন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিলৈ পত্ৰ প্ৰেৰণ কৰাত তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে।

চনু উৰাঙে লগতে কয় যে, সামাজিক মাধ্যমত বিমল বাগৰ বিৰুদ্ধে ধনৰ লেনদেন সম্পৰ্কীয় অভিযোগ প্ৰকাশ কৰা ব্যক্তিৰ বিৰুদ্ধেও জিলা সমিতিয়ে আইনগত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে। অভিযোগ উত্থাপন কৰা ব্যক্তিজনৰ হাতত যদি কোনো তথ্য বা প্ৰমাণ থাকে, তেন্তে সেয়া উপস্থাপন কৰিবলৈ তেওঁ আহ্বান জনায়।ইফালে, সংগঠনটোৰ অজ্ঞাতে জিলা সমিতিৰ পেড ব্যৱহাৰ কৰি কেবাজন ব্যক্তিয়ে স্বাক্ষৰ কৰাৰ অভিযোগৰ বিষয়টোও কাৰ্যনিৰ্বাহক সভাত উত্থাপন হয়। এই বিষয়তো প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।বিমল বাগৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়টো তদন্তৰ বাবে আটছাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইক আৰু সাধাৰণ সম্পাদক সুনীল তিৰ্কীয়ে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উপেন সিং আৰু ক্ৰীড়া সম্পাদক মনোজ গড়ক দায়িত্ব অৰ্পণ কৰিছে।ইয়াৰ মাজতে কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি জিলা সমিতিৰ উপ-সভাপতি দানেল মুণ্ডাক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয়। নতুন ভাৰপ্ৰাপ্ত সভাপতিগৰাকীক সংগঠনটোৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হয়।


