ক’ৰনা কালৰ মাজতে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে। উল্লেখ্য যে, গৌৰব গগৈয়ে সাংসদ উন্নয়ন পূজিৰ ধনেৰে দেওবাৰৰ দিনটোত নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী সকলৰ সুবিধাৰ বাবে প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । এম্বুলেঞ্চ প্ৰদান অনুষ্ঠান উপল্যক্ষে দেওবাৰে সাংসদ গৰাকী চিকিৎসালয় চৌহদত উপস্থিত হোৱাৰ পিছতে চাহ বাগিছা কতৃপক্ষ, চিকিৎসালয় কতৃপক্ষ অসম চাহ জনজাতি ছাত্র সন্থা আৰু স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। ৰাইজৰ সম্বৰ্ধনা গ্ৰহনৰ পিছতে গৌৰব গগৈয়ে ফিটা কাটি চালকৰ আসনত বহি এম্বুলেঞ্চখন ৰাইজৰ বাবে মুকলি কৰে। সাংসদ গৰাকীৰ উপস্থিতিতে নেঘেৰিটিং চাহ বাগিছা ৰংগমঞ্চত কভিড প্ৰটক’লৰ মাজেৰে একাংশ লোকৰ অংশগ্ৰহনেৰে এখনি সভা অনুষ্ঠিত হয়। কাকডোঙা ব্লক কংগ্ৰেছৰ সভাপতি ভবেন গগৈয়ে আঁত ধৰা সভাখনিত কংগ্ৰেছৰ যুৱনেতা কৃষ্ণ কান্ত দাস, বাণী হাজৰিকা, দেৰগাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুচেইন, কাকডোঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰছিদ আলিকে ধৰি কংগ্ৰেছৰ বহু কেইজন বিষয়ববীয়াৰ লগতে চাহ জনজাতি ছাত্র সন্থাৰ প্ৰফুল্ল কুৰ্মী, জীৱন মিৰ্ধা, দয়াৰাম ৰবিদাস, ভাইটি ৰবিদাস আদি ব্যক্তি সকল উপস্থিত থাকে ।সভাত সাংসদ গৰাকীয়ে বৰ্তমান চৰকাৰখনে মূল্য বৃদ্ধিৰ বোজাই সাধাৰণ জনতাক কি দৰে কোঙা কৰি পেলাইছে সেই বিষয়ে বক্তব্য ৰখাৰ উপৰিও উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা হোৱা-নোহোৱা বিষয় সৰ্ন্দভত বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই নেঘেৰিটিং চাহ বাগিচাৰ সহ পৰিচালক উমাশংকৰ কুৰ্মীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…