শিৱসাগৰত ঐতিহাসিক যমুনাক বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান

শিৱসাগৰত ঐতিহাসিক যমুনাক বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। যমুনা বেদখলৰ বিৰুদ্ধে সৰৱ হৈছিল আটাছু। প্ৰশাসন আৰু বিধায়ক অখিল গগৈৰে হৈছিল আলোচনা। অৱশেষত প্ৰশাসনৰ হাতোৰা পৰিল যমুনাৰ বেদখলকাৰীৰ ওপৰত।

পূৰ্বে তিনিটা দিন আটাছুৱে নিজেই নামিছিল উচ্ছেদ অভিযানত। আটাছুৱে ভাঙি দিছিল যমুনা জলাশয়ত বেদখলকাৰীয়ে সজা ঘৰ। তাৰেই প্ৰতিবাদত ৬ নৱেম্বৰত আটাছুৱে ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছিল। কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে ৭ নৱেম্বৰত উচ্ছেদ অভিযান চলোৱাৰ কথা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত আটাছুৱে উঠাই লৈছিল বন্ধৰ সিদ্ধান্ত। জিলা প্ৰশাসনে যমুনা জলাশয়ত হোৱা অবাধ বেদখলৰ বিৰুদ্ধে চলাই উচ্ছেদ।

Related Articles