অসমত এক প্ৰগতিশীল গ্ৰন্থ আন্দোলনৰ সূচনা কৰা, অসমৰ আটাইতকৈ সক্ৰিয় পুথিভঁৰাল বুলি স্বীকৃত প্ৰেৰণা পুথিভঁৰালৰ প্ৰতিস্থাপক তথা মুখ্য পৰিচালক আৰু দক্ষিণ নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰবক্তা দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰাত আজি মহাবিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখ্য যে ১৯৮৭ চনতে প্ৰতিষ্ঠা লাভ কৰা দক্ষিণ নলবাৰী মহাবিদ্যালয় নামৰ বৃহত্তৰ দক্ষিণ নলবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখনত তেওঁ ১৯৯৫ যোগদান কৰে । ২০০১ চনত মহাবিদ্যালয়খন দক্ষিণ নলবাৰী কনিষ্ঠ মহাবিদ্যালয় হিচাপে চৰকাৰীকৰণ হয় । পৰৱৰ্তীকালত ই দক্ষিণ নলবাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় হিচাপে পৰিগণিত হয় । গণিতৰ এগৰাকী কৃতী শিক্ষক হিচাপে পৰিচিত হোৱা এইগৰাকী সৰবৰহী শিক্ষক আছিল মহাবিদ্যালয়খনৰ যিকোনো শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ অগ্ৰণী কৰ্মী ।
শিক্ষকতা জীৱনত তেওঁ সলনা-সলনিকৈ সাংস্কৃতিক বিভাগ আৰু আলোচনী বিভাগৰ তত্ত্বাৱধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আনহাতে নকৈ স্থাপিত মহাবিদ্যালয়খনৰ পুথিভঁৰালটো গঢ় দিয়াত তেওঁৰ যথেষ্ট অৱদান আছিল । মহাবিদ্যালয় অধ্যয়ন চক্ৰ গঠন কৰি নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰা, মহাবিদ্যালয় সপ্তাহ, নৱাগত আদৰণী সভা আদি বিভিন্ন অনুষ্ঠান পতাত তেওঁ আগভাগ লৈছিল । উল্লেখ্য যে এইখন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা শিক্ষকতা বৃত্তিৰে লাভ কৰা দৰমহাৰ প্ৰায় ৫০ লাখ টকা খৰচ কৰিয়েই নিজ গৃহত তেওঁ গঢ় দিছিল অসম বিখ্যাত প্ৰেৰণা পুথিভঁৰাল। এই বছৰৰে ৩০ ছেপ্তেম্বৰত অৱসৰ গ্ৰহণ কৰা শৰ্মাক আনুষ্ঠানিক ভাৱে বিদায় দিবলৈ আজি অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ থানেশ্বৰ শৰ্মাই । সভাত ভাষণ দি শিক্ষক উৎপল মল্ল বুজৰবৰুৱাই দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাক এক মানৱদৰদী হৃদয়বান ব্যক্তি বুলি অভিহিত কৰাৰ লগতে তেওঁক জিলাখনৰ গৌৰৱ বুলি কয় । সভাত তেওঁৰ কৰ্মজীৱন, শিক্ষা আৰু সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে এসময়ৰ সহকৰ্মী নাৰায়ণ তালুকদাৰ, তৰণী শৰ্মা, নিখিল চক্ৰৱৰ্তী আৰু বিপুল কুমাৰ ডেকাই । সমবেত গীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলে । নৃত্য পৰিৱেশন কৰে ফ্ৰাঞ্জ আফ্ৰিনে ।
অনুষ্ঠানত অৱসৰী শিক্ষক গৰাকীক শৰাই, জাপি, গামোচা, গছপুলি, কলম আৰু গ্ৰন্থেৰে ওপচাই দিয়া হয় । সম্বৰ্দ্ধনাৰ উত্তৰত তেওঁ এসময়ৰ দক্ষিণ নলবাৰী মহাবিদ্যালয় আজি দক্ষিণ নলবাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়লৈ পৰ্যবসিত হোৱা কথাটোত দুখ প্ৰকাশ কৰে আৰু শিক্ষকতা জীৱনত অধ্যক্ষ প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী তথা সহকৰ্মী সকলে কৰা সহযোগৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত অৱসৰী শিক্ষক গৰাকীক শৰাই, জাপি, গামোচা, গছপুলি, কলম আৰু গ্ৰন্থেৰে ওপচাই দিয়া হয় । সভাত উপস্থিত শৰ্মাৰ পত্নী মামণি দেৱীকো সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সভাৰ শেষত বিদায়ী শিক্ষক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই এটি জ্যোতি সংগীত গোৱাৰ লগতে সকলোৰে লগত এটি ভূপেন্দ্ৰ সংগীত গাই পৰিৱেশ জীপাল কৰি তোলে ।

