মাজুলী মিলন কৃষ্টি মন্দিৰ টটয়াৰ ৰাস আৰু কিছু স্মৃতি…

“ৰাস” বুলি ক’লেই পঢ়ি থকা দিনবোৰৰ এক অপূৰ্ব শিহৰণ মনলৈ আহে। ৰাসৰ ঠিক একদিন আগতে মানুহৰে ভৰি থকা, “এই ডুবো এই ডুবো” কৰি লৰচৰ কৰি অহা চুমৈমাৰী ঘাটৰ সেই নাওখনলৈ আজিও বৰকৈ মনত পৰে।তেতিয়াৰ দিনবোৰ বেলেগে আছিল। নিমাতিৰ পৰা মাজুলীৰ বিভিন্ন ঠাইলৈ পাৰাপাৰ হ’বলৈ কেইবাটিও ঘাট আছিল— ফুলনি, শালমৰা, দক্ষিণপাট, চুমৈমাৰী। আজিৰ দৰে বাইক-মটৰগাড়ীৰ ইমান প্ৰভাৱ নাছিল। মানুহৰ ভিৰ বেছি আছিল যদিও গাড়ী কম আছিল। নাৱৰ ভিতৰতে চিনাকি মানুহক উদ্দেশ্যি চিঞৰি কোৱা হৈছিল— “ধন, মোৰ বাবে এটা চিট ৰাখিবিগৈ দেই!” নাওখন পানীৰ মাজ পাওঁ পাওঁ হওঁতেই দুৱাৰমুখলৈ আহি থিয় হ’ব লাগে।

ঘাট পাৰ হোৱাৰ লগে লগে পিঠিত বেগটো লৈ নাৱৰ পৰা পোনচাটেই জপিয়াই দিয়া আৰু তাৰ পিছত বাছখনলৈ বুলি ফিৰিঙতিৰ দৰে ৫০ মিটাৰ দৌৰ— সেয়া আছিল এক ৰোমাঞ্চকৰ অভিজ্ঞতা!চিট পালেও ৰক্ষা নাই। মাজুলীৰ মানুহৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটোৱেই হ’ল বেছিভাগ মানুহেই পৰস্পৰক চিনি পায়। চিনি নাপালে লগে লগে সোধে— “তুমি কোন গাঁৱৰ?” গাঁৱৰ নামটো কোৱাৰ লগে লগে অভিভাৱকৰ নাম— “অ’… তুমি মানে আমুকৰ ল’ৰা!” তাৰ পিছতে সামাজিক সৌজন্যতা আৰু মৰমৰ হেঁচাত অনিচ্ছা সত্ত্বেও সেই কষ্টৰে পোৱা চিটটো জ্যেষ্ঠজনক এৰি দিবই লাগিব। ফলত আনৰ কান্ধৰ মোনাৰ হেঁচা বা থিয় হৈ যাত্ৰা কৰাখিনিয়েই আমাৰ ভাগত পৰিছিল।চুমৈমাৰীৰ পৰা আমাৰ চিনাকি বাছখন চলি উঠাৰ লগে লগে বাছৰ ভিতৰত আৰম্ভ হয় আন এক জমনি পৰিৱেশ। বাছৰ চিটৰ আৰামেৰে নহয়, বৰঞ্চ থিয় হৈ থকা ল’ৰাবোৰৰ চিঞৰ-বাখৰ আৰু গানত মুখৰিত হৈ পৰিছিল চাৰিওফাল। গান গাব জনাটোৱে ৰাসৰ সুৰ তোলে; আনহাতে ভিৰৰ মাজত উশাহ ল’বলৈ ঠাই নোহোৱা অৱস্থাতো বাকী যাত্ৰীসকলে আমাৰ সেই বয়সৰ উন্মাদনা আৰু উৎসাহক হাঁহিমুখেৰে মানি লৈছিল। কাৰো মুখত বিৰক্তিৰ চিন নাছিল, বৰঞ্চ বৃদ্ধ যাত্ৰীজনেও হাঁহি মুখেৰে কৈছিল— “যাওক দিয়া, ল’ৰাবোৰৰ ৰাসৰ হেঁপাহ!” চুমৈমাৰীৰ পৰা ওলাই আমাৰ বাছখন যেন আকাশত নহ’লেও, মাটিত শালিকা চৰাইৰ দৰে জপিয়াই জপিয়াই, ফুটা ৰাস্তাৰ খলা-বমা মাজেৰে হুলস্থূলীয়াকৈ ঘৰমুৱা হৈছিল।


পটিয়া গাঁও পোৱাৰ লগে লগে চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশ। পটিয়া আইদেউ সন্দিকৈ নাটঘৰৰ চৌহদত পোহৰৰ মেলা, খোল-তালৰ শব্দ। বাছৰ পৰা জুমুকি চাই পঠিয়াওঁ। পটিয়া পাৰ হৈ কমাৰ গাঁৱৰ ডাঙৰ তোৰণখনে “ৰাসলীলালৈ স্বাগতম” জনায়। তাৰ পিছতে ৰূপালী যুৱক সংঘৰ তোৰণ, পথৰ কাষৰ লাইটৰ পোহৰ আৰু বাটৰ কাষত চুৰিয়া পিন্ধি, হাতত চিপচৰ পেকেট লৈ ৰাসৰ আখৰা সামৰি ঘৰমুৱা হোৱা দুই-চাৰিজন ল’ৰা। ৰংগমঞ্চত মহাৰাসৰ আখৰা, কাণত বাজে খোলৰ শব্দ।

কমাৰ গাঁও পাৰ হৈয়েই আমাৰ আপোন টটয়া গাঁওখন। সদ্যপ্ৰয়াত ভোগেশ্বৰ বৰ্তাৰ পদূলিৰ পৰা আৰম্ভ হোৱা পথৰ দুয়োকাষ পৰিষ্কাৰ-পৰিচ্ছন্ন। আতৰৰ পৰাই দেখা পাওঁ মূল হ’লৰ কাষত পোহৰৰ মেলা আৰু প্ৰকাণ্ড তোৰণখন। হ’লৰ কাষতে বুবুলহঁতে বাছ ৰাখে, দুই-চাৰিজন যাত্ৰী নামি যায়। হ’লৰ ভিতৰত চলি থাকে ৰাসৰ আখৰা, সত্যদাৰ বাঁহীৰ সুৰ— যিটো শুনিলে সাক্ষাত শ্ৰীকৃষ্ণৰ বাঁহী বুলি ভ্ৰম হয়। মন যায় বাছৰ পৰা নামি যাবলৈ, কিয়নো হ’লৰ চৌহদত তেতিয়া আমাৰেই বয়সীয়া চিনাকি ল’ৰাবোৰৰ লগতে ৰাসত গোপীৰ ভাও ল’বলৈ অহা গাভৰু কেইজনীৰো জুমটো বহি থাকে। বেগটো কান্ধত লৈ সিহঁতক দেখি এমোকোৰা হাঁহিলৈ হুলস্থূল লগাই জোকাৰি যোৱাৰ যি মাদকতা, তাৰ মজাই বেলেগ! হ’লতেই নামি দিবৰ মন যায়, পিছে হাতত যে ঘৰলৈ অনা বেগ! সেয়ে হ’লৰ কাষত নামিব নোৱাৰি বাছতেই আকৌ উঠি যাওঁ৷হ’লৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰৈত আমাৰ ঘৰ।

বাছ ৰোৱাৰ লগে লগে ঘৰলৈ বুলি আকৌ এক দৌৰ! ঘৰত গৈ বেগটো আইতাৰ বিচনাত দলিয়াই হ’ললৈ লৰালৰিকৈ গুচি যাওঁ। সেইকেইদিন ঘৰৰ পৰা হ’ললৈ অহা-যোৱা কৰোঁতে ভাগৰ কি বস্তু, আমি জানিয়েই নাছিলোঁ; মাথোঁ বুকুত আছিল ৰাসৰ এক গভীৰ উন্মাদনা, সেই দিনবোৰ আছিল হাঁহি আৰু ফুৰ্তিৰে ভৰা! সময় সলনি হ’ল, ঘাট হ’ল মাত্ৰ দুটা, যাতায়াতো খৰটকীয়া হ’ল; কিন্তু মনৰ মণিকোঠাত সজীৱ হৈ ৰ’ল সেই পুৰণি দিনৰ সোণালী সুবাসজাক৷ যোৰহাটতে খাই অহা ভাতকেইটা হজম হৈ পেটত কেঁচুকুমটিৰ দৌৰাদৌৰি, তথাপিও হেঁপাহ নপলায়! গোপীৰ আখৰাৰ পিছত অনন্তশয্যা, নন্দালয় আৰু শেষত কংসালয়ৰ শেষ আখৰা। চামগুৰিৰ প্ৰমোদ বৰা আৰু মেখেলি গাঁৱৰ নবীন শইকীয়া কংসৰ ভাওত; বুঢ়া কলিতাৰ কনক শইকীয়া কালকেটুৰ ভাওত; চানুৰ মুষ্টিকৰ ভাওত আমাৰ দাদা আৰু ৰুবুল শইকীয়া, বসন্ত শইকীয়া, ৰাওনাগাঁওৰ বাবুল গুৱালা; দৈৱকীৰ ভাওত কৃষ্ণা বাইদেউ; বসুদেৱৰ ভাওত গিৰীশ শইকীয়া, হয়তো মাণিক বৰুৱা চাৰ হ’ব নেকি; উগ্ৰসেনৰ ভাওত ৰোশেশ্বৰ শইকীয়া চাৰৰ অভিনয় এতিয়াও চকুৰ আগত ভাহি থাকে।


কালীয় দমনৰ দৃশ্যৰ বাবে খান্দি থোৱা গাতৰ ওপৰত পাৰি থোৱা তক্তাত বহি চাৰৰ কঁপি কঁপি কোৱা সেই বিশেষ সংলাপ— “মোৰ গাত আগৰ সেই শক্তি থকা হ’লে…”! ৰামধনীৰ ভাওত দম্বৰু বৰ্তা; নন্দৰ ভাওত স্বৰ্গীয় গোলাপ বৰ্তা, অবনী দত্ত; গৰ্গাচাৰ্যৰ ভাওত মোৰ প্ৰয়াত দেউতা; আৰু অকৰাৰ ভাওত স্বৰ্গীয় মহেন্দ্ৰ খাউণ্ড (কমলা দা)— সেইসকলৰ অভিনয় আছিল অনন্য।পৰৱৰ্তীকালত সেই বসুদেৱ বৰ্তমান কংসৰ ভাওত ভৱানন্দ শইকীয়া, ঋতুপৰ্ণ শইকীয়া, নন্দৰ ভাওত ৰুবুল শইকীয়া, ৰামধনীৰ ভাওত ৰুবুল (মাঘ), ৰমেন বৰুৱাই সেই অনন্য ধাৰা আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। কিন্তু কমলা দাৰ অনন্য শৈলীৰে জীৱন্ত কৰা অকৰাৰ চৰিত্ৰটি কৰবাত হেৰাই গ’ল; সেই শৈলীক জীৱন্ত ৰূপ দিবলৈ গৈ বহুতো থমকি ৰ’ল।সোনকণ দায়ে কালীয় দমনত কৃষ্ণক গাতৰ ভিতৰত পিঠিত উঠোৱাৰ সেই সোণালী স্মৃতি এতিয়াও মনত আছে। কমলা দাৰ সেই বিশেষ গাত লোৱা কাপোৰখন আৰু বান্দৰৰ টুপীটো আমি প্ৰতিবছৰেই দেখি আহিছোঁ। টটয়া গাঁৱৰ ৰাসৰ এটি দৃশ্যই সকলোকে আকৰ্ষিত কৰিছিল— কংসৰ শয়ন কক্ষৰ দৃশ্যই। স্কেলেটন, ভূত আৰু গ্লাছ অলটাৰ দি পকাই বনোৱা মকৰাজাল; সেই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

প্ৰভাত বাবা দা আৰু ৰঞ্জু দাৰ সেই প্ৰতিভা আছিল অনন্য। প্ৰয়াত প্ৰকাশ ওজা দাই সুহুৰি বাই ষ্টেজৰ ভিতৰত দৌৰি ফুৰা ছবি এতিয়াও মানসপটত ভাহি উঠে। গায়ন-বায়নত যমজ ভাতৃদ্বয় প্ৰয়াত ভম্বৰু শইকীয়া আৰু দন্দি শইকীয়াৰ অনবদ্য গায়ন -বায়ন শৈলী, ব্ৰহ্মাৰ চৰিত্ৰত নীলমণি ফুকন বৰ্তা, নাৰদৰ চৰিত্ৰত প্ৰয়াত ক্ষিৰেন শইকীয়া— সেইকেইজন অভিনেতাই একেটা সৰু সৰু চৰিত্ৰকো অনন্য-সুন্দৰ কৰি তুলিছিল।


সংগীতত অনাতাঁৰ শিল্পী প্ৰয়াত চিদানন্দ গায়ন দাৰ কথা উল্লেখ নকৰিলে লেখাটো আধাৰুৱা হৈ ৰ’ব। সঞ্জীৱ বৰা, ৰশ্মিৰেখা শইকীয়া, ৰূপৰেখা খাউণ্ড, বেউলা শইকীয়া আদি শিল্পীসকলৰ কণ্ঠই সকলোকে ৰাসৰ উন্মাদনাত ডুবাই ৰাখিছিল। পৰৱৰ্তীকালত সংগীতৰ ধাৰাটোক এইসকল শিল্পীয়েই আগুৱাই নিছে, লগতে সহযোগ কৰিলে বায়নত লোকনাথ ওজা, প্ৰাণজিৎ শইকীয়া আৰু প্ৰয়াত ৰণজিৎ শইকীয়াই; কণ্ঠশিল্পী হিচাপে নিপেন শইকীয়া, ধ্ৰুৱজ্যোতি ওজা, চয়নিকা আৰু শ্যামলীমা বৰা।টটয়া ৰংঘৰৰ এটি সময় এনে আছিল, দৰ্শকৰ বাবে চকীৰ অভাৱ হোৱাত স্কুলৰ পৰা বেঞ্চ আনিবলগীয়া হৈছিল। সেই সময়ত টটয়াৰ ৰাস আছিল আঞ্চলিক পৰ্যায়ৰ।

ৰাঁওনাগাঁও, চাৰিঙ্গাআটি, মেখেলি, চুমৈমাৰী, বুঢ়াকলিতা— এই সকলো গাঁৱৰ ৰাইজৰ পূৰ্ণ সহযোগত ৰাস উদযাপন কৰা হৈছিল। কালক্ৰমত কমাৰ গাঁও, পটিয়া, বুঢ়াকলিতা, চুমৈমাৰী আদি ঠাইলৈ ৰাসৰ প্ৰসাৰ হোৱাত টটয়া গাঁৱৰ ৰাস গাঁৱৰ মাজতে সীমাবদ্ধ হৈ ৰ’ল।


মাজুলী মিলন কৃষ্টি মন্দিৰ টটয়া গাঁৱৰ ৰাস উৎসৱ অসমৰ নদীদ্বীপ মাজুলীৰ লোকসংস্কৃতিৰ এক অন্যতম ধাৰক আৰু বাহক। মাজুলীৰ সত্ৰসমূহৰ সমান্তৰালভাৱে বিভিন্ন গাঁৱৰ ৰংগমঞ্চত যি ‘মঞ্চ ৰাস’ উদযাপিত হয়, তাৰ ভিতৰত টটয়া গাঁৱৰ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অত্যন্ত জনপ্ৰিয় আৰু আকৰ্ষণীয়। ১৯৭২ চনতে আৰম্ভ হোৱা ৰাসভাগি ৫৩টা বছৰ অতিক্ৰম কৰি এইবাৰ ৫৪তম বৰ্ষত ভৰি দিব।কাতি-আঘোণ মাহৰ পূৰ্ণিমা তিথিত (সাধাৰণতে নৱেম্বৰ মাহত) এই ৰাস উৎসৱ অনুষ্ঠিত হয়। টটয়া গাঁৱৰ ৰাস উৎসৱৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—অনন্ত শয্যাৰ নান্দনিক দৃশ্য, কৃষ্ণ জন্মৰ সুন্দৰ চিত্ৰায়ণ, কংসৰ শয়ন কক্ষ,কালীয় দমনৰ দৃশ্য সুমধুৰ সংগীত , সুন্দৰ দৃশ্যশৰ্যা ৷হাস্যৰসৰ চৰিত্ৰ ‘ৰামধনী’ চৰিত্ৰৰ সৃষ্টি (কোৱা হয় এই চৰিত্ৰৰ সৃষ্টি টটয়া গাঁৱতেই হৈছিল) অঘাসুৰ আৰু বকাসুৰ বধৰ দৃশ্যটটয়া গাঁৱৰ ৰাস মহোৎসৱৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ল ইয়াৰ ৰাক্ষস বধৰ দৃশ্যসমূহ। বিশেষকৈ অঘাসুৰ আৰু বকাসুৰ আদি কাল্পনিক চৰিত্ৰসমূহৰ বিশাল মুখা আৰু সেইবিলাকৰ সুন্দৰ অভিনয় চাবলৈ দূৰ-দূৰণিৰ পৰা দৰ্শকৰ সমাগম ঘটে। মাজুলীৰ বিখ্যাত চামগুৰি সত্ৰৰ থলুৱা বাঁহ-খেৰ আৰু মাটিৰে তৈয়াৰী মুখা ব্যৱহাৰ কৰি টটয়া গাঁৱৰ শিল্পীসকলে পুতনা, ৰেনুকাসুৰ, ধেনুকাসুৰ আদি ৰাক্ষসসমূহৰ বধ জীৱন্ত ৰূপত দাঙি ধৰে।


ৰাসৰ প্ৰায় এক-দেৰ মাহ আগৰে পৰাই গাঁৱৰ ৰংগমঞ্চত দিনে-নিশাই আখৰা চলে। এমাহযোৰা প্ৰস্তুতিৰ পিছত গাঁৱৰ কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু সকলোৱে বিভিন্ন চৰিত্ৰসমূহ ৰূপায়ণ কৰে। বৰ্তমান গাঁৱৰ বোৱাৰীসকলেও গোপীৰ ভাওত অভিনয় কৰাটো সাংস্কৃতিক জগতৰ বাবে এটি ইতিবাচক বাৰ্তা। মাজুলীৰ আন ঠাইবোৰৰ দৰেই মাজুলী মিলন কৃষ্টি মন্দিৰ টটয়া গাঁৱতো “শৰত কালৰ ৰাত্ৰি অতি বিতোপন” শীৰ্ষক বন্দনাৰে আধ্যাত্মিক আৰু ভক্তিমূলক পৰিৱেশত ৰাসৰ নাটভাগ আৰম্ভ কৰা হয়। মাজুলীৰ ধৰ্মীয় পৰ্যটনক চহকী কৰাত আৰু শংকৰী সংস্কৃতি ধৰি ৰখাত টটয়া গাঁৱৰ ৰাস মহোৎসৱে বিগত বৰ্ষবোৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিগত বৰ্ষবোৰৰ দৰে এইবছৰো উলহমালহেৰে ৰাস উৎসৱ উদযাপন কৰিবলৈ টটয়া গাঁৱৰ সমূহ ৰাইজ সাজু হৈ উঠিছে ৷ মাঁথো প্ৰয়োজন অসম বাসীৰ মৰম আৰু আৰ্শীবাদ ৷

লেখকঃ ধ্ৰুৱজ্যোতি বৰা
টটয়া গাঁও
মাজুলী
ফোনঃ৬০০১৬৬০৫০১

Related Articles