মহানগৰীৰ পাৰ্শ্বৱৰ্তীত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
মহানগৰীৰ ডিগাৰুত এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
ইঞ্জিনসহ লাইনচ্যুত যাত্ৰীবাহী ৰে’লৰ দবা।
ইঞ্জিনসহ ৭টাকৈ দবা লাইনচ্যুত হয় যাত্ৰীবাহী ৰে’লৰ।
ঘটনাত আহত কেইবাজনো যাত্ৰী।
মিজোৰামৰ পৰা কলকাতা অভিমুখী আছিল চাইৰাং এক্সপ্ৰেছ।
আজি পুৱাৰ ভাগত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা।
ডিগাৰুত জন শতাব্দী এক্সপ্ৰেছ পাৰ হ’বলৈ গতি হ্ৰাস কৰিব লাগিছিল কলকাতা-ছাইৰাং এক্সপ্ৰেছে। ল’ক’ পাইলটে ৰে’লখনৰ গতি কমাব নোৱাৰাতেই সংঘটিত হয় দুৰ্ঘটনা৷ কলকাতা-ছাইৰাং ৰে’লখনত থকা মুঠ ৯০০ যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা। ৰে’লখনত থকা যাত্ৰীসকলৰ বাবে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে বুলি উত্তৰ পূৱ সীমান্ত ৰেলৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জানিব দিছে৷

